অসম

আজি কাব্যঋষি নীলমণি ফুকনৰ ৯১ সংখ্যক জন্মদিন

Asomiya Pratidin

ডিজিটেল ডেস্ক : "কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ হাতৰ এটা মুদ্ৰা,হে হৃদয়ৰ ভগা ডালত ওলমি থকা গোলাপী জামুৰ লগ্ন..." ! আজি কাব্যঋষি নীলমণি ফুকনৰ ৯১ সংখ্যক জন্মদিন।

১৯৩৩ চনৰ ১০ ছেপ্তেম্বৰৰ দিনটোতেই কবি, সাহিত্যিক, কলা-সমালোচক তথা অধ্যাপক নীলমণি ফুকনৰ জন্ম হৈছিল। আজিৰ এই পবিত্ৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জন্মস্থান দেৰগাঁৱতো কাব্যঋষিৰ জন্মদিন পালনৰ বাবে আয়োজন কৰা হৈছে।

স্বেচ্চাসেৱী অনুষ্ঠান 'সৃজনম' আৰু কবিগৰাকীৰ পৰিয়ালবৰ্গৰ উদ্যোগত দেৰগাঁৱৰ শান্তিপুৰত সোণাৰু ৰোপণ কাৰ্যসূচীৰে জন্মদিন পালন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে হৃষিকেশ গোস্বামী,প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া আৰু বিধায়ক মৃণাল শইকীয়া।

ইয়াৰোপৰি উপস্থিত থাকে কবিগৰাকীৰ পৰিয়ালবৰ্গ তথা সৃজনমৰ কৰ্মকৰ্তাসকল। উল্লেখ্য যে কবিগৰাকীৰ অন্তিম ইচ্ছাক বাস্তৱায়িত কৰাৰ প্ৰয়াসেৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। চলিত বৰ্ষৰ ১৯ জানুৱাৰীত কাব্যঋষি নীলমণি ফুকনে অসমৰ সাহিত্যৰ বৰপথাৰ উকা কৰি অজান দেশলৈ গুচি গৈছিল।