২০২৩ বৰ্ষৰ আজি প্ৰথমটো দিন।  জানো আঁহক পহিলা দিনটোৰ ইতিহাস-
২০২৩ বৰ্ষৰ আজি প্ৰথমটো দিন। জানো আঁহক পহিলা দিনটোৰ ইতিহাস- 
অসম

২০২৩ বৰ্ষৰ আজি প্ৰথমটো দিন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ  ২০২৩ বৰ্ষৰ আজি প্ৰথমটো দিন। বছৰটোৰ পহিলা দিনটো সকলোৰে বাবে বিশেষ। নতুন বছৰে আমাৰ বাবে নতুন নতুন আশাবোৰ লৈ আহে। ৰং-বিৰঙৰ সপোন দেখুৱাই। এটা বছৰ আমি পোৱা মানে সেয়া হ’ল আমাৰ বাবে এক উপহাৰ।

আজিৰ এই বিশেষ দিনটোত ইতিহাসত ঘটি যোৱা কেইটামান গুৰুত্বপূৰ্ণ ঘটনা হ'ল-

  • ৪৫ খৃষ্টাব্দ – জুলিয়ান কেলেণ্ডাৰৰ সূচনা।

  •  ৪০৪ খৃষ্টাব্দ -ৰোমত সৰ্বশেষ গ্লেডিয়েটৰ প্ৰতিযোগিতা অনুস্থিত।

  • ৬৩০ খৃষ্টাব্দ-হজৰত মহম্মদ অৰ মক্কালৈ যাত্ৰা আৰম্ভ।

  • ৯৯০ খৃষ্টাব্দ – কিয়েভীয় ৰুছ জুলিয়ান পঞ্জিকা গ্ৰহণ কৰে।

  • ১৪৩৮ খৃষ্টাব্দ – হ্যাবচবাৰ্গ বংশৰ দ্বিতীয় এলবাৰ্ট হাঙ্গেৰীৰ ৰজা হিচাপে অধিষ্ঠিত হয়।

  • ১৬০০ খৃষ্টাব্দ স্কটলেণ্ডত জুলিয়ান পঞ্জিকাৰ প্ৰচলন হয়।

  •  ১৬৫১ খৃষ্টাব্দ – ইংলেণ্ডৰ দ্বিতীয় চাৰ্লচ স্কটলেণ্ডৰ ৰজা হিচাপে অভিষিক্ত হয়।

  • ১৬৭৩ খৃষ্টাব্দ – নিউয়ৰ্ক আৰু বস্টন চহৰৰ মাজত নিয়মিত ডাক যোগাযোগ আৰম্ভ হয়।

  • ১৭৮৯ চন – কলকাতা-লণ্ডন ডাক যোগাযোগ ব্যৱস্থা আৰম্ভ হয়।

  •  ১৮০৯ চন – কলকাতাৰ "ব্যাংক অফ ক্যালকাটা"ৰ নাম পৰিবৰ্তন কৰে "বেঙ্গল ব্যাঙ্ক" ৰখা হয়।

  •  ১৮২৪ চন – কলকাতাত সংস্কৃত কলেজ স্থাপিত হয়।

  •  ১৯৫৯ চন – ফীডেল কাষ্ট্ৰোৰ নেতৃত্বত কিউবাত বিপ্লৱ আৰম্ভ হয়।

  • ১৯৬১ চন – ভাৰতীয় সাৰ নিগম প্ৰতিষ্ঠা কৰা হয়।

জন্ম-

  • ১৮৯২ চনৰ ১ জানুৱাৰীত ভাৰতীয় স্বাধীনতা কৰ্মী, পণ্ডিত আৰু লেখক মহাদেৱ দেশাইৰ জন্ম। তেওঁক মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব হিচাপে জনাজাত।

  •  ১৮৯৪ চনৰ ১ জানুৱাৰীত ভাৰতীয় গণিতজ্ঞ আৰু তাত্ত্বিক পদাৰ্থ বিজ্ঞানত বিশেষজ্ঞ পদাৰ্থবিজ্ঞানী সত্যেন্দেৰনাথ বসুৰ জন্ম।

  • ১৯১৩ চনৰ ১ জানুৱাৰীত অসম আৰু নাগালেণ্ডৰ কাৰ্যকৰী ৰাজ্যপাল আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামীৰ জন্ম।

  • ১৯১৪ চনৰ ১ জানুৱাৰীত ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ পঞ্চমগৰাকী মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ জন্ম।

  • ১৯৫১ চনৰ ১ জানুৱাৰীত জন্ম হৈছিল বলিউদৰ জনপ্ৰিয় অভিনেতা নানা পাটেকাৰ

  • ১৯৫৯ চনৰ ১ জানুৱাৰীত হিতেন্দ্ৰ নাথ গোস্বামীৰ জন্ম।  ভাৰতীয় ৰাজনৈতিক নেতা আৰু অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী।

  • ১৯৬৪ চনত ১ জানুৱাৰীত জন্ম হৈছিল যশস্বী অভিনেতা কে কে মেননৰ।

  •  ১৯৭৫ চনৰ ১ জানুৱাৰীত ভাৰতীয় অভিনেত্ৰী সোণালী বেন্দ্ৰেৰ জন্ম।

  • ১৯৭৮ চনৰ ১ জানুৱাৰীত ভাৰতীয় অভিনেত্ৰী বিদ্যা বালনৰ জন্ম।

মৃত্যু-

  •  ৮৭৪ খৃষ্টাব্দত- হা্ছান আল‌-আছকাৰী

  •  ১৭৪৮ চনত – ইয়োহান বাৰ্নুয়ি, ছুইজাৰলেণ্ডৰ গণিতবিদ।

  •  ১৮৯৪ চনত – হেনৰিখ হাৰ্টজ, জাৰ্মান পদাৰ্থবিজ্ঞানী।

  •   ১৯২১ চনত – সুৰেশচন্দ্ৰ সমাজপতি, বাঙালি সাহিত্য সমালোচক।

  • ১৯৫৫ চনত- শান্তি স্বৰুপ ভাটনাগৰ, ভাৰতীয় বিখ্যাত পদাৰ্থবিজ্ঞানী।

  • ২০০৮ চনত – প্ৰতাপচন্দ্ৰ চন্দ্ৰ, ভাৰতীয় বাঙালি শিক্ষাবিদ, ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী।