অসম

সংগীত শিল্পী অংগৰাগ পাপন মহন্তৰ আজি জন্মদিন

Asomiya Pratidin

ডিজিটেল ডেস্ক : “…আজি কিয় বাৰে বাৰে/ মনে যে মোৰ বিছাৰে/ আঁচলৰে বা জুৰণীয়া/ আজি যে উদাসী সন্ধিয়া…।।“ জনপ্ৰিয় সংগীত শিল্পী অংগৰাগ পাপন মহন্তৰ আজি ওপজাদিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ অনুৰাগীয়ে পালন কৰিব প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন। ১৯৭৫ চনৰ ২৪ নৱেম্বৰৰ দিনা জন্মগ্ৰহণ কৰিছিল অংগৰাগ মহন্তই।

তেওঁৰ প্ৰকৃত নাম অংগৰাগ যদিও সৰহসংখ্যকে পাপন বুলিহে জানে। পিতৃ তথা বিহুগীতৰ সম্ৰাট খগেন মহন্ত আৰু মাতৃ অৰ্চনা মহন্তৰ পদাংক অনুসৰণ কৰিয়েই তেওঁ সংগীতত সোমাই পৰে। তেওঁৰ প্ৰথম একক এলবাম যদিও জোনাকী ৰাতি কিন্তু প্ৰথমে স্নিগ্ধ জোনাক নামৰ এলবাম এটাৰ জৰিয়তে এটি গীতত কণ্ঠদান কৰিছিল।

১৯৯৮ চনৰ পৰাই তেওঁ সাংগীতিক যাত্ৰা আৰম্ভ কৰি বৰ্তমান তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। গীত গোৱাৰ উপৰি বাদ্যযন্ত্ৰ বজোৱাতো তেওঁৰ আছে দখল।

উল্লেখযোগ্য যে অসমৰ বিহুক আন্তৰ্জাতিক পৰ্যায়ত উপস্থাপন কৰাত পাপনৰ আছে বিশেষ অৰিহণা। বিদেশৰ মানুহক বিহু গাই নচুৱাত সিদ্ধহস্ত পাপন। আনহাতে ড০ ভূপেন হাজৰিকা,জুবিন গাৰ্গৰ পিছতে বলিউডত খোপনি পোতা পাপন এগৰাকী বলিউডৰ ব্যস্ত শিল্পী।

ভালেসংখ্যক হিন্দী ছবি,এলবামত কণ্ঠদান কৰি শিল্পীগৰাকীয়ে নিজৰ প্ৰতিভাৰ চিনাকি দিবলৈ সক্ষম হৈছে। তেওঁৰ প্ৰতিভাৰ বলতে লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা। সম্প্ৰতি ৩টাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰে সন্মানিত হৈছে পাপন। আইফা,গীমা আৰু মিৰ্চী মিউজিক এৱাৰ্ডৰে সন্মানিত কৰা হৈছিল শিল্পীগৰাকীক।

ইফালে বলিউডৰ চুলতান,ৰেইড,বৰফি,বজৰংগী ভাইজান আদি ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত গাই তেওঁ লাভ কৰিছে ঈৰ্ষণীয় সফলতা। পাপনৰ পৰা অসমবাসীয়ে আৰু বহু পাবলৈ বাকী...।