ৰাজ্যসভাত ৩ কোটিকৈ লৈ ভোট দিছিল বিজেপিকঃ গৌৰৱ গগৈয়ে টকা লৈ ২০২১ ত দিছিল দুৰ্বল প্ৰাৰ্থী !
ৰাজ্যসভাত ৩ কোটিকৈ লৈ ভোট দিছিল বিজেপিকঃ গৌৰৱ গগৈয়ে টকা লৈ ২০২১ ত দিছিল দুৰ্বল প্ৰাৰ্থী ! 
অসম

ৰাজ্যসভাত ৩ কোটিকৈ লৈ ভোট দিছিল বিজেপিকঃ গৌৰৱ গগৈয়ে টকা লৈ ২০২১ ত দিছিল দুৰ্বল প্ৰাৰ্থী !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ নিৰ্বাচনৰ লগতে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতো অসমত হৈছিল বৃহৎ ধনৰ লেনদেন। ২০২১ ত মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো বিচৰা নাছিল একাংশ কংগ্ৰেছীয়ে। যাৰ বাবে বহু সমষ্টিত দিছিল দুৰ্বল প্ৰাৰ্থী।

এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন কংগ্ৰেছী ৰিপুন বৰাই। মুকালমুৱাত অনুষ্ঠিত হোৱা এখন দলীয় সভাত ৰিপুণ বৰাই কৰা এই মন্তব্যই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যি সময়ত ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহ বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে আৰু তৃণমূল কংগ্ৰেছো এই মিত্ৰজোঁটৰ অংশীদাৰ হৈছে সেই সময়ত ৰিপুন বৰাই কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগে বিশেষ তাৎপৰ্যবহন কৰিছে। ইফালে এই অভিযোগ উত্থাপন কৰাৰ মাত্ৰ এদিন পূৰ্বে কংগ্ৰেছৰ লগত একেলগে সংবাদমেল পাতি বিজেপি বিৰোধী মিত্ৰজোঁটৰ সৈতে থিয় দিছিল এইগৰাকী ৰিপুন বৰাই।

উল্লেখ্য যে, তৃণমূল কংগ্ৰেছ, অসমৰ সভাপতি ৰিপুন বৰাই দলীয় সভাত ভাষণ দি অভিযোগ কৰে যে, যোৱা ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ পৰা ৩ কোটিকৈ টকা লৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কে বিজেপিক ভোট দিলে।

তেওঁ অভিযোগ কৰিছে যে, কংগ্ৰেছ আৰু বিজেপিয়ে ব্যৱসায় কৰিছে। কংগ্ৰেছ, এ আই ইউ ডি এফক আগতে বিশ্বাসত লৈছিলো। এতিয়া ল'ব নোৱাৰি। বিক্ৰী হৈ গ'ল। আমাৰ মহাশত্ৰুৰ লগত যিয়ে মিত্ৰতা কৰিব সিও আমাৰ মহাশত্ৰু।

তেওঁৰ মতে, বিজেপিৰ সৈতে যুঁজিবলৈ একমাত্ৰ পাৰ্টী হৈছে তৃণমূল কংগ্ৰেছ। বিজেপি সংবিধানৰ শত্ৰু, উগ্ৰ সাম্প্ৰদায়িক। ৰাইজে কৈছে বিজেপিক উৎখাত কৰা আৰু কংগ্ৰেছে বিজেপিক শক্তিশালী কৰিছে।

কংগ্ৰেছৰ হাতত সংখ্যা থকাৰ পাছতো কংগ্ৰেছ আৰু এ আই ইউ ডি এফে বিজেপিক ভোট দি বিজেপিক শক্তিশালী কৰিলে। ৰাষ্ট্ৰপতিৰ নিৰ্বাচন আহিল। বিৰোধীয়ে মিলি এজন পাৰ্থী দিলে। কিন্তু অসমত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ মিলি ২২ জন বিধায়কে বিজেপিক ভোট দিলে।

তেওঁ কয়, ২০২১ত এ আই ইউ ডি এফক লগত লৈ মহাজোঁট গঠন কৰিছিলো। সেইবাৰ আমাৰ চৰকাৰ হৈ যায়। গোটেই অসমত আমি ৫১ খন আসন পালো। চৰকাৰ গঠন কৰিবলৈ ১৩ খন আসন কমিল।

তেওঁৰ অভিযোগ অনুসৰি কংগ্ৰেছ নেতাবোৰৰ কাৰণেই সেইবাৰ অসমত কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ নাহিল। কলিয়াবৰৰ কংগ্ৰেছ সাংসদ তথা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক আক্ৰমণ কৰি ৰিপুন বৰাই কয়, আমাৰ নেতাবোৰে কয় মোৰ দেউতা মুখ্যমন্ত্ৰী হৈছিল, ময়ো মুখ্যমন্ত্ৰী হম। সবকে মুখ্যমন্ত্ৰী হ'ব লাগে।

শেষত যেতিয়া দেখিলে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, তেতিয়া বেলগকো মুখ্যমন্ত্ৰী হ'ব নিদিও বুলি কংগ্ৰেছ চৰকাৰ হোৱাত বাধা দিলে। ভিতৰি ভিতৰি বিজেপিক সমৰ্থন কৰিলে। যিবোৰত আসনত মহাজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব লাগে সেইবোৰত টকা লৈ দুৰ্বল প্ৰাৰ্থী দিলে। যাৰ বাবে আজি অসমত বিজেপিৰ চৰকাৰ হ'ল।