যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ 
তিনিচুকীয়া

পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱৰ বিৰুদ্ধে তিনিচুকীয়া জিলাত যুৱ-ছাত্ৰ পৰিষদৰ বিক্ষোভ...

Asomiya Pratidin

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ শেহতীয়াকৈ ৰাজ্য চৰকাৰে পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাৱ্যস্ত কৰিছে ৷ সোমবাৰে এই কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি।

পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱ বাতিল কৰাৰ দাবীত আজি পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে ইয়াৰ আঞ্চলিক সমিতিসমূহৰ সহযোগত জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ তিনিচুকীয়া, মাকুম, ডিগবৈ, মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া পৌৰসভা কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰাৰ সমান্তৰালভাৱে পৃথকে পৃথকে দাবীসম্বলিত স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা সমিতিৰ সভাপতি সোণমনি চলিহা আৰু সাধাৰণ সম্পাদক কাঞ্চন বৰাই কয় যে অসম পৌৰসভা আইন-১৯৫৬ক সন্মান জনাই নতুন পৌৰকৰ ধাৰ্য কৰাৰ পূৰ্বে সংশ্লিষ্ট পৌৰনিগম, পৌৰসভাৰ কৰ্মচাৰীৰ দ্বাৰা জৰীপ কৰোৱাই তাৰ ভিত্তিত কৰৰ নিৰিখ ধাৰ্য কৰাৰ লগতে সেই নিৰিখ চূড়ান্ত কৰাৰ পূৰ্বে এমাহৰ সময় দি ৰাজহুৱা শুনানী আৰু ওজৰ-আপত্তি গ্ৰহণৰ ব্যৱস্থা কৰিব লাগিছিল ৷

কিন্তু ৰাজ্য চৰকাৰে তাকে নকৰি পৌৰবাসীৰ ওপৰত বলপূৰ্বক কৰ আৰোপৰ প্ৰস্তাৱ গ্ৰহণ কৰি একপ্ৰকাৰে ৰাজতন্ত্ৰৰ চৰিত্ৰ প্ৰতিফলিত কৰিছে । ৰাজ্য চৰকাৰে কৰ বৃদ্ধিৰ প্ৰস্তাৱ বাতিল কৰিবই লাগিব । অন্যথাই যুৱ-ছাত্ৰ পৰিষদ ক্ষান্ত নহয় বুলি নেতাদ্বয়ে উষ্মাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰে।

আজি ৰূপায়ন কৰা ধৰ্ণা কাৰ্যসূচীত তিনিচুকীয়া জিলা সমিতিয়ে কাকপথাৰ, ডাঙৰী-ছৈখোৱা, বৰডুবি আঞ্চলিক সমিতি, তিনিচুকীয়া নগৰ সমিতি, পানীতোলা শাখা আৰু গুইজান শাখা সমিতিৰ সহযোগত তিনিচুকীয়া পৌৰসভা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ ইয়াৰউপৰি মাৰ্ঘেৰিটা আৰু টিৰাপ-জাগুন আঞ্চলিক সমিতিয়ে মাৰ্ঘেৰিটা পৌৰসভা, মাকুম আঞ্চলিক সমিতিয়ে মাকুম পৌৰসভা, ডুমডুমা আৰু ফিল'বাৰী আঞ্চলিক সমিতিয়ে ডুমডুমা পৌৰসভা, ডিগবৈ আৰু পেঙেৰী আঞ্চলিক সমিতিয়ে ডিগবৈ পৌৰসভা আৰু শদিয়া আঞ্চলিক সমিতিয়ে শদিয়া পৌৰসভা কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন শ্ল'গানেৰে কাৰ্যালয় সমুখ উত্তপ্ত কৰি তোলে ।