তিনিচুকীয়া

ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীৰ অভিযান: আটক চাৰিজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ শনিবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক মইনুল ইছলামৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে চহৰখনৰ তিনিটা স্থানত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ চাৰি সৰবৰাহকাৰীক আটক কৰে ।

আৰক্ষী দলটোৱে প্ৰথমটো অভিযানত পৰ্বতীয়াৰ পৰা ড্ৰাগছসহ আটক কৰে মনোজ মল্লিক নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীসহ তেওঁৰ পত্নীক ৷ আৰক্ষীয়ে মল্লিকৰ পৰা পাঁচটা চাবোনৰ বাকচত ৬৫.২১ গ্ৰাম সন্দেহজনক ড্ৰাগছ জব্দ কৰাৰ লগতে জব্দ কৰে নগদ ১১,৩৪০ টকা, তিনিটা মোবাইল ফোন আৰু ভালেসংখ্যক আপত্তিজনক সামগ্ৰী ৷

আৰক্ষীৰ দ্বিতীয়টো অভিযানত ইয়াৰ বৰদলৈ নগৰত। অভিযানকালত দলটোৱে উৎপল বৰুৱা নামৰ এজন যুৱকক ভাৰাঘৰৰ পৰা আটক কৰে । লগতে তেওঁৰ পৰা উদ্ধাৰ কৰে ৩.৫ গ্ৰাম ড্ৰাগছ ৷

পৰৱৰ্তী সময়ত দলটোৱে মাকুম পথত অভিযান চলাই বলৰাম ৰয় নামৰ এটা সৰবৰাহকাৰীক আটক কৰাৰ লগতে ড্ৰাগছ ৰখা চাৰিটা ধপাতৰ টেমা জব্দ কৰে ৷ আৰক্ষীয়ে ধৃত লোককেইজনক সদৰ থানালৈ আনি মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷