তিনিচুকীয়া

তিনিচুকীয়াৰ ভুৱা সংঘৰ্ষঃ ২৯ বছৰ পাছত শ্বহীদৰ পৰিয়ালে পালে ন্য়ায়

Asomiya Pratidin

ডিজিটেল ডেস্ক: ১৯৯৪ চনৰ ২২ জানুৱাৰী। তিনিচুকীয়াৰ ডাঙৰী তলাপ অঞ্চলৰ ৰাইজে আজিও পাহৰিব পৰা নাই সেই ভয়াবহ দিনটোৰ কথা। এজন, দুজন নহয়, ৫ জনকৈ অসমীয়া যুৱকৰ গুলীবিদ্ধ শৰীৰ নিথৰ হৈ পৰি ৰৈছিল।

জিলাখনৰ ৫টাকৈ পৰিয়ালৰ পাঁচজনকৈ লোকক সেই নিশা ভুৱা সংঘৰ্ষৰ বলি হৈছিল। নিহত লোককেইজন হৈছে আছুৰ সেই সময়ৰ উপদেষ্টা ডাঙৰী গাঁৱৰ প্ৰবীন সোণোৱাল, তালাপৰ প্ৰদীপ দত্ত, দেৱজিত বিশ্বাস, ধলা ন’ বৰমুৰা গাঁৱৰ অখিল সোণোৱাল আৰু ধুলিজান ২নং তামুলী গাঁৱৰ ভৱেন মৰাণ। আলফাৰ নামত হত্যা কৰা হৈছিল এই যুৱক কেইজনক।

ঘটনাৰ প্ৰায় ২৯ বছৰ পাছত ন্যায় পালে শ্বহীদৰ পৰিয়ালে। পাঁচ যুৱকৰ পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণৰ নিৰ্দেশ প্ৰদান কৰে ন্যায়ালয়ে। কেন্দ্র চৰকাৰক এই নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।