তিনিচুকীয়া

তিনিচুকীয়া মহাবিদ্যালয়ৰ উচ্চবৰ্গ সহায়ক সুশীল খনিকৰৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া চহৰৰ গেলাপুখুৰী অঞ্চলৰ বাসিন্দা তথা তিনিচুকীয়া মহাবিদ্যালয়ৰ উচ্চবৰ্গ সহায়ক সুশীল খনিকৰ (৬০)ৰ সোমবাৰে পুৱা প্ৰায় ৬ বজাত চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ।

উল্লেখ্য যে যোৱা ২ জানুৱাৰী তাৰিখে ষ্ট্ৰ'কত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছিল খনিকৰ । সোমবাৰে দিনৰ ভাগত তেখেতৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰ পৰা পোনে পোনে তিনিচুকীয়া মহাবিদ্যালয়লৈ অনা হয় আৰু তাতে মহাবিদ্যালয়খনৰ শিক্ষকবৃন্দ, ছাত্ৰ-ছাত্ৰীৰ লগতে সতীৰ্থ কৰ্মচাৰীসকলে তেখেতলৈ শেষ শ্রদ্ধাঞ্জলি অৰ্পন কৰে । পৰৱৰ্তী সময়ত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত তিনিচুকীয়া ৰাজহুৱা শ্মশানত প্ৰয়াত খনিকৰৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

উল্লেখ্য যে পত্নী আৰু একমাত্ৰ পুত্ৰক ইহ সংসাৰত এৰি থৈ যোৱা খনিকৰে আগন্তুক মাৰ্চ মাহত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল । তেখেতৰ মৃত্যুত তিনিচুকীয়া মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে গেলাপুখুৰীবাসী ৰাইজে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰিছে ।