মাৰ্ঘেৰিটাত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...
মাৰ্ঘেৰিটাত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন... 
তিনিচুকীয়া

মাৰ্ঘেৰিটাত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ বৰগোলাইত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস চাও চ্যেংৰেণ প্ৰাংগনত উদযাপন কৰা হয়। পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ তিনিচুকীয়া জিলা সমিতি আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সৌজণ্যত আৰু তাই জনগোষ্ঠীৰ সংগঠনসমূহৰ সহযোগত আয়োজন কৰা হয় দিন জোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস।

পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচী পাতনি মেলে পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি প্ৰনৱ গগৈয়ে। সাধাৰণ সম্পাদক উৎপল কোঁৱৰে আঁ‌ত ধৰা অনুষ্ঠানত মৈদাম তৰ্পণ মুকলি কৰে লোকনাথ কোঁৱৰে।

দুপৰীয়া ভাগত প্ৰণৱ গগৈৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লোকনাথ কোঁৱৰ, তাই আহোম উন্নয়ন পৰিষদৰ সদস্য নৱজ্যোতি বৰুৱা , টাই আহোম যুৱ পৰিষদৰ প্ৰাঞ্জল গগৈৰ লগতে গিৰীণ বুঢ়াগোহাঁই, হৰেশ্বৰ কোঁৱৰ আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লোকনাথ কোঁৱৰে ভাষণত তাই সাহিত্য সভাৰ কাম কাজৰ ওপৰত আলোকপাত কৰে।

জিলা সমিতিয়ে তাই ভাষা, সাহিত্য সংস্কৃতিৰ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত অৱগত কৰে। তাই আহোম উন্নয়ন পৰিষদৰ সদস্য নৱজ্যোতি বৰুৱাই ভাষণত আহোম জনগোষ্ঠীৰ জনজাতি কৰণকে ধৰি অন্যান্য সমস্যাসমূহৰ সমাধানৰ বাবে জনগোষ্ঠী টোৰ সকলো সংগঠন আৰু ৰাইজে ঐক্য বদ্ধ প্ৰচেষ্টা চলোৱাৰ আহ্বান জনায়।