তিনিচুকীয়া

পঞ্চ ছহিদৰ নিকটাত্মীয়লৈ মুখ্যমন্ত্ৰী সাহাৰ্যঃ বিধায়ক বলিন চেতিয়াই বিতৰণ কৰিলে চেক

Asomiya Pratidin

ডিজিটেল সংবাদ, তিনিচুকীয়া : পঞ্চ ছহিদৰ নিকটাত্মীয়লৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ ৫ লাখকৈ আৰ্থিক সাহাৰ্য। সুদীৰ্ঘ ২৯ বছৰীয়া ন্যায়িক যুঁজৰ অন্তত তিনিচুকীয়াৰ ছহিদৰ সপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান ।

যোৱা ৯ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিগত ১৯৯৪ চনত ভাৰতীয় সেনাই ভুৱা সংঘৰ্ষৰে হত্যা কৰিছিল তিনিচুকীয়া জিলাৰ নিৰীহ যুৱক ক্ৰমে ডাঙৰীৰ প্ৰবীণ সোণোৱাল, খোবাং তালাপৰ প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, অখিল সোণোৱাল আৰু তামুলী গাঁৱৰ ভবেন মৰাণক। উক্ত ছহিদ কেইগৰাকীৰ সপক্ষে ৰায়দান দি ২ মাহৰ ভিতৰত তেওঁলোকৰ নিকটাত্মীয়ক ২০ লাখকৈ টকা ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল ৷

লক্ষণীয়ভাৱে যোৱা ২৯ মাৰ্চৰ এই ৰায়দান মৰ্মে পঞ্চ ছহিদৰ নিকটাত্মীয়ক ক্ষতিপূৰণ প্ৰদানৰ আজি ২টা মাহ উকলি যায় যদিও কেন্দ্ৰীয় চৰকাৰে ভুক্তভোগী পৰিয়ালকেইটাক ক্ষতিপূৰণ প্ৰদান কৰাৰ পৰা বিৰত থাকে তথা উচ্চ ন্যায়ালৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰে । এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কোনোধৰণৰ তৎপৰতাৰ বিষয়ে ৰাজ্য চৰকাৰ অথবা তিনিচুকীয়া জিলা প্ৰশাসন অজ্ঞ বুলি জানিব পৰা গৈছে ।

পিচে উচ্চ ন্যায়ালয়ৰ দুমহীয়া ম্যাদৰ আজিৰ এই অন্তিম দিনটোত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্য চৰকাৰে পঞ্চ ছহিদৰ নিকটাত্মীয়ক ৫ লাখকৈ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা বিষয়টোৱেহে বিশেষ তাৎপৰ্য বহন কৰিছে । উল্লেখ্য যে মঙলবাৰে পঞ্চ ছহিদৰ নিকটাত্মীয়ক মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ৫ লাখ টকাকৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱা হয় ।

জিলা উপায়ুক্ত স্বপ্নীল পালে আঁত ধৰা আজিৰ অনুষ্ঠানটোত পঞ্চ ছহিদৰ নিকটাত্মীয়ক মুখ্যমন্ত্ৰীৰ হৈ শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই চেক বিতৰণ কৰে । ছহিদ প্ৰবীন সোণোৱালৰ হৈ তেওঁৰ ভতিজা ৰাজা সোণোৱাল, ভবেন মৰাণৰ হৈ পত্নী লিলেশ্বৰী মৰাণ, অখিল সোণোৱালৰ হৈ বৌয়েক ৰূপা সোণোৱাল আৰু দেৱজিৎ বিশ্বাসৰ হৈ ভাতৃ দেবাশীষ বিশ্বাসে বিধায়কগৰাকীৰ পৰা ৰাজ্য চৰকাৰৰ আৰ্থিক সাহাৰ্যৰ চেক গ্ৰহণ কৰে।

অৱশ্যে আজিৰ অনুষ্ঠানত উপস্থিত নাথাকিল ছহিদ প্ৰদীপ দত্তৰ কোনো নিকটাত্মীয় । অনুষ্ঠানত প্ৰতিটো ছহিদ পৰিয়ালক পুন:সংস্থাপনৰ দাবী উত্থাপিত কৰে ছহিদ পৰিয়ালসমূহে । তদুপৰি ছৈখোৱা উন্নয়ন খণ্ডত মাষ্টাৰৰোল কৰ্মচাৰী হিচাপে সুদীৰ্ঘ বছৰ ধৰি কৰ্ম সম্পাদন কৰি অহা ছহিদ ভবেন মৰাণৰ পত্নী লিলেশ্বৰী মৰাণৰ চাকৰি নিয়মীয়াকৰণৰো দাবী তোলে।

ইফালে দুটা মাহৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চ ছহিদৰ নিকটাত্মীয়ক ২০ লাখকৈ ক্ষতিপূৰণ প্ৰদান কৰা নিৰ্দেশনাৰ সময়সীমা উকলি যোৱাত কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰিছে বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত জিলা উপায়ুক্তৰ লগতে বিধায়ক বলিন চেতিয়াই এইপৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিষয়টোৰ সন্দৰ্ভত কোনো নিৰ্দেশ অথবা বাৰ্তা পোৱা নাই বুলি মন্তব্য কৰে। লগতে উক্ত ক্ষতিপূৰণৰ লগত আজিৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা আগবঢ়োৱা আৰ্থিক সাহাৰ্যৰ লগত কোনো সম্পৰ্ক নাই বুলিও স্পষ্ট কৰি দিয়ে ।

চেক বিতৰণ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত, অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতি শদিয়া সমষ্টিৰ বিধায়ক প্ৰতিনিধি সীমান্ত মৰাণ, বিজেপিৰ ছৈখোৱা মণ্ডলৰ সভাপতি বিৰাজ সোণোৱাল , সোণোৱাল পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিপুল সোণোৱাল, বিজেপিৰ যুৱনেতা ফটিক আৰ্চাৰ্য আদি উপস্থিত থাকে ।

প্ৰণিধানযোগ্য যে ভাৰতীয় সেনাই বৰ্বৰভাৱে হত্যা কৰা পঞ্চ ছহিদৰ আইনী যুঁজখন চলাই নিয়াত মুখ্য ভূমিকা লৈছিল শদিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক জগদীশ ভূঞাই ৷ ১৯৯৪ চনৰ ১৫ ফেব্ৰুৱাৰীত তিনিচুকীয়া জিলাৰ তালাপস্থিত অসম ফ্ৰন্টিয়াৰ লিমিটেডৰ অন্তৰ্গত তালাপ চাহ বাগিছাৰ পৰিচালক ৰামেশ্বৰ সিঙক নিষিদ্ধ ঘোষিত সংগঠন আলফাই গুলীয়াই হত্যা কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৮ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ভাৰতীয় সেনাৰ ১৮ নং পাঞ্জাৱ ৰেজিমেণ্টে সেইসময়ৰ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা ডাঙৰী গাঁৱৰ প্ৰবীণ সোণোৱাল, আছুৰ সক্ৰিয় সদস্য তালাপৰ প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, লাইনা তামুলী গাঁৱৰ ভবেন মৰাণ, ধলাৰ ন-বৰমূৰা গাঁৱৰ অখিল সোনোৱাল, ৰূপাইৰ বিষ্ণু নগৰৰ গুণীন হাজৰিকা, প্ৰকাশ শৰ্মা, তালাপ আহুবাৰীৰ মনোৰঞ্জন দাস আৰু তামুলী ধূলিজান ১নং বাদল পথাৰ গাঁৱৰ মতেশ্বৰ মৰাণ নামৰ ৯ গৰাকী নিৰীহ যুৱকক আলফাৰ সন্দেহত নিজ নিজ গৃহৰ পৰা উঠাই নিছিল।

ইয়াৰে গুণীন হাজৰিকা, প্ৰকাশ শৰ্মা, মনোৰঞ্জন দাস (বৰ্তমান মৃত) আৰু মতেশ্বৰ মৰাণক সেনাই মুকলি কৰি দিছিল যদিও প্ৰবীণ সোনোৱাল, প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, ভবেন মৰাণ আৰু অখিল সোনোৱালক চাৰি দিনকৈ সেনা ছাউনীত অকথ্য শাৰীৰিক নিৰ্যাতন চলাই অৱশেষত ২২ ফেব্ৰুৱাৰী দিনা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত নি শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল।

অতি বৰ্বৰভাৱে সেনাই আলফা সজাই ৫ জনকৈ নিৰীহ যুৱকক হত্যা কৰাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ হৈছিল । সেই সময়ৰ আছু নেতা জগদীশ ভূঞাই ২৩ ফেব্ৰুৱাৰী দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ত উক্ত পাঁচ ছহিদৰ ন্যায় বিচাৰি আবেদন কৰাত ন্যায়ালয়ে ডাঙৰীৰ এই পঞ্চ ছহিদ কাণ্ডৰ তদন্তৰ ভাৰ অৰ্পণ কৰিছিল চি বি আইক।

চি বি আইয়ে চি ৪/চি/২০০০ নম্বৰত এটা গোচৰ ৰুজু কৰি ২০০০ চনতে তদন্তৰ চূড়ান্ত প্ৰতিবেদন ন্যায়ালয়ক আৰু ভাৰতীয় সেনা প্ৰধানক দাখিল কৰিছিল। সুদীৰ্ঘ বছৰ সেনাই চি বি আইয়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদন গাপ দি ৰাখিছিল যদিও ২০১৭ চনৰ ছেপ্তেম্বৰ মাহত চি বি আইৰ প্ৰতিবেদনৰ ভিত্তিত দিনজানস্থিত সেনা কৰ্টত ১৮ নং পাঞ্জাৱ ৰেজিমেণ্টৰ দোষী বিষয়া-জোৱানৰ বিৰুদ্ধে কৰ্ট মাৰ্চেলৰ ব্যৱস্থা কৰে সেনা প্ৰধানে।

প্ৰায় এবছৰে চলা সেনাৰ এই কৰ্ট মাৰ্চেলৰ অন্তত ২০১৮ চনৰ ১৩ অক্টোবৰৰ দিনা প্ৰদান কৰা ৰায়ত ১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰীৰ দিনাৰ ডাঙৰীৰ উক্ত পঞ্চ ছহিদ কাণ্ডৰ সৈতে জড়িত ৭ জনকৈ সেনা বিষয়া -জোৱানৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাণ্ডৰে কঠোৰ শাস্তি ঘোষণা কৰিছিল ।