তিনিচুকীয়া

তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড: প্ৰায় ৪৫টা ভাড়াঘৰ ভষ্মীভূত

Asomiya Pratidin

ডিজিটেল সংবাদ, তিনিচুকীয়া: তিনিচুকীয়া পৌৰসভাৰ ১৫ নং ৱাৰ্ডৰ ঢেকীয়াজুৰি মছজিদ পট্টিত বুধবাৰে নিশা প্ৰায় ১.৩০ বজাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৪৫টা কেঁচা ভাড়াঘৰ সম্পূৰ্ণ ভষ্মীভূত হয়। অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। জানিব পৰা মতে, বুধবাৰে নিশা মছজিদ পট্টিৰ লোক গভীৰ নিদ্ৰাত থকা অৱস্থাত জুইৰ উত্তাপ অনুভৱ কৰি সচকিত হৈ পৰে আৰু সকলো ঘৰৰ বাহিৰলৈ ওলাই আহে। চকুৰ পচাৰত জুইৰ লেলিহান শিখাই ইটোৰ পিছত সিটো ভাড়াঘৰ আৱৰি ধৰাত স্থানীয় ৰাইজৰ মাজত হুৱা-দুৱা লাগে। প্ৰাণৰ মমতাত ঘৰৰ পৰা ওলাই চিঞৰ-বাখৰ কৰাত অঞ্চলটোত এক বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হয়।

ইফালে অগ্নিকাণ্ডৰ সময়ত মুঠ ৭টা গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। আতংকত সকলোৱে চিঞৰ-বাখৰ কৰি থকাৰ মাজতে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি নিমিষতে প্ৰায় ৪৫ টা সৰু সৰু ভাড়াঘৰ ভষ্মীভূত কৰে। নিৰ্দিষ্ট সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যে সকলো ভাড়াঘৰ জুইত জাহ যায়।

উল্লেখ্য যে অগ্নিকাণ্ডত ক্ষতি হোৱা গৰিষ্ঠ সংখ্যক ভাড়াতীয়াই ক্ষুদ্ৰ বস্ত্ৰ ব্যৱসায়ী । সমাগত দূৰ্গোৎসৱৰ কাৰণে সকলোৱে নিজ নিজ ঘৰত কাপোৰ মজুত কৰি ৰাখিছিল । প্ৰাপ্ত তথ্য অনুসৰি এই অগ্নিকাণ্ডত নৌছাদ আখতাৰ ওৰফে বাবুৰ নিজৰ ঘৰৰ লগতে তেওঁৰ ১৬ টা ভাড়াঘৰ ক্ষতিসাধন হয়। তদুপৰি এই অগ্নিকাণ্ডত অখতাৰৰ ভাড়াঘৰৰ গাতে লাগি থকা সমীৰ দাস, দীপক দাস, মিলন দাস, হৰেন্দ্ৰ দাস, ঝৰ্ণা ৰায় আদি কেইবাটাও পৰিয়ালৰ ঘৰ জ্বলি ছাই হয় । দুৰ্ভাগ্যজনকভাৱে এই অগ্নিকাণ্ডত কোনো লোকে নিজৰ এপদো সামগ্ৰী ৰক্ষা কৰিব নোৱাৰিলে ।