ৰাজ্যত অব্যাহত খাৰুৱা তেলৰ চোৰাং বেহা: মাকুমত তেলভৰ্তি টেংকাৰ জব্দ...
ৰাজ্যত অব্যাহত খাৰুৱা তেলৰ চোৰাং বেহা: মাকুমত তেলভৰ্তি টেংকাৰ জব্দ...  
তিনিচুকীয়া

ৰাজ্যত অব্যাহত খাৰুৱা তেলৰ চোৰাং বেহা: মাকুমত তেলভৰ্তি টেংকাৰ জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ তিনিচুকীয়া: অসম আৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ চকুত ধুলি দি ৰাজ্যৰ মাজেৰে অব্যাহত আছে খাৰুৱা তেলৰ চোৰাং বেহা । অইল ইণ্ডিয়াৰ ভুৱা নথি-পত্ৰৰ সহায়ত বহিঃৰাজ্যত বিক্ৰী কৰা হৈছে টেংকাৰে টেংকাৰে খাৰুৱা তেল ।

এনে চোৰাং কাৰ্যত এক শক্তিশালী চক্ৰ জড়িত থকাৰ আশংকা কৰা হৈছে । ইয়াৰ মাজতে কালি নিশা ইয়াৰ মাকুম আৰক্ষীয়ে এখন খাৰুৱা তেলভৰ্তি টেংকাৰ জব্দ কৰে । অইল ইণ্ডিয়াৰ ভুৱা নথি-পত্ৰৰ সহায়ত অৰুণাচল প্ৰদেশৰ পৰা পশ্চিমবংগৰ হুগলীলৈ খাৰুৱা তেলখিনি সৰবৰাহৰ চেষ্টা চলোৱা বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে ।

তেলভৰ্তি টেংকাৰখনৰ চালকক আৰক্ষীয়ে আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত সঠিক তথ্য উলিয়াব পৰা নাই । আৰক্ষীৰ সূত্ৰে সদৰি কৰা অনুসৰি অৰুণাচল প্ৰদেশৰ নামচাইৰ সমীপৰ এটা স্থানৰ পৰা ইউ পি ৭৮ এফ টি ১১৯০ নম্বৰৰ খাৰুৱা তেলভৰ্তি টেংকাৰখন পশ্চিমবংগৰ হুগলীলৈ গৈ থকা অৱস্থাত তিনিচুকীয়া আৰু মাকুম আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হয় ।

ইফালে ঘটনাৰ সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডে মাকুম থানাত আজি এক এজাহাৰ দাখিল কৰিছে । টেংকাৰখনত প্ৰায় ৩০ টন খাৰুৱা তেল থকা বুলি আৰক্ষীয়ে ঠাৱৰ কৰিছে ।

জব্দ কৰা টেংকাৰখনৰ তেলৰ নমুনা আৰু টেংকাৰখনৰ পৰা উদ্ধাৰ কৰা অইলৰ নথি-পত্ৰসমূহ সংমণ্ডল কাৰ্যালয় আৰু পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে । উদ্ধাৰ হোৱা নথি-পত্ৰসমূহ সম্পূৰ্ণ ভুৱা বুলি আৰক্ষীয়ে দাবী কৰিছে । তেনেস্থলত সঠিক তদন্তইহে খাৰুৱা তেলৰ চোৰাং বেহা সম্পৰ্কে প্ৰকৃত ছবিখন পোহৰলৈ আনিব বুলি সচেতন মহলে মত ব্যক্ত কৰিছে ।