ইটাখুলিত চকলেট খেতিৰ বাগিচা...
ইটাখুলিত চকলেট খেতিৰ বাগিচা... 
তিনিচুকীয়া

ইটাখুলিত চকলেট খেতিৰ বাগিচা...

Asomiya Pratidin

ডিজিটেল সংবাদ তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ ইটাখুলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিখামণি গগৈ আৰু ইটাখুলি অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক সুশীল শইকীয়াৰ প্ৰচেষ্টাত ক্ৰমশ ক'ক জ'ন তথা চকলেট বাগিচালৈ পৰ্যবসিত হৈছে ইটাখুলি উন্নয়ন খণ্ড । ইতিমধ্যে উন্নয়ন খণ্ডটোৰ লাংকাচি পঞ্চায়তত গঢ় লৈ উঠিছে ক'ক বা চকলেটৰ বাগিচা ।

তদুপৰি চলিত বৰ্ষত এগৰাকী খেতিয়কৰ বাগিচাত ফচল উৎপাদনো আৰম্ভ হৈছে । উল্লেখ্য যে, মিশ্রিত খেতি হিচাপে কৰিব পৰা ক'ক' খেতিৰ বাবে অসমৰ জলবায়ু আৰু মাটি যথেষ্ট উপযোগী হিচাপে চিহ্নিত হৈছে । ইটাখুলি উন্নয়ণ খণ্ডৰ সৌজন্যত ইতিমধ্যে লাংকাছি গাঁও পঞ্চায়তৰ চৌৰাল্লিছগৰাকী খেতিয়কৰ কৃষিভূমিত তথা চাহ বাগিচাত পৰীক্ষামূলকভাৱে কৰা এই খেতি সফলৰূপত ৰূপায়িত হৈছে ।

অসমৰ জলবায়ুত এই খেতিৰ উন্নত ভৱিষ্যত দেখি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্তই তিনিচুকীয়া জিলা উপায়ুক্ত আৰু স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্রী সঞ্জয় কিষাণৰ লগত আলোচনাত মিলিত হৈ সেইমর্মে ইতিমধ্যে এই খেতি এমজি এনৰেগাৰ জৰিয়তে প্ৰসাৰ কৰিবলৈ প্ৰয়োজনীয় কাৰিকৰী ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে ইটাখুলি ব্লকটো চকলেট ব্লক হিচাপে চিহ্নিত কৰি লাংকাচিক বাদ দি অৱশিষ্ট ৮ টা পঞ্চায়ত সামৰি এহেজাৰ বিঘালৈ এই খেতি সম্প্ৰসাৰণ কৰাৰ যাৱতীয় নির্দেশ দিছে । ইতিমধ্যে যোৱা ৬ তাৰিখে ইটাখুলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিখামণি গগৈৰ তৎপৰতাত উন্নয়ন খণ্ডটোৰ মুঠ ৯ টা পঞ্চায়তৰ সভাপতি আৰু সচিবৰ লগতে স্থানীয় নাগৰিকৰ উপস্থিতিত ক'ক খেতিৰ হিতাধিকাৰী নির্বাচন, খেতিৰ উপযোগী মাটি নির্বাচন, খেতিৰ অৰ্থনৈতিক দিশ সামৰি এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় ।

সভাত কৃষকসকলৰ মাজত ক'ক বা চকলেট খেতিৰ সম্প্ৰসাৰণ ঘটাই মিশ্রিত খেতি হিচাপে কিদৰে লাভবান হ'ব পাৰি সেইবিষয়ে আলোকপাত কৰা হয় । লগতে চৰকাৰীভাৱে এই খেতিৰ বিপৰীতে কিদৰে উপকৃত হ'ব পাৰি তাৰো আলোচনা কৰা হয়।

উল্লেখ্য যে ক'ক খেতিৰ বাবে উচ্চ আর্দ্রতাসম্পন্ন মাটিৰ প্ৰয়োজন । যিহেতু গছজোপা ছাঁ ভালপোৱা গছ; সেয়ে তামোল খেতি , নাৰিকল খেতি , চাহ খেতিৰ মাজে মাজে চকলেট গছ ৰোপন কৰিব পাৰি । এই খেতিৰ বাবে বেলেগকৈ মাটিৰ প্ৰয়োজন নাই ।

যিবোৰ বাৰীত ইতিমধ্যে চাহগছ, তামোল গছ, জালুকৰ খেতি কৰি থকা হৈছে তেনেকুৱা বাৰীত ক’ক খেতি কৰি খেতিয়ক লাভবান হ'ব পাৰে । মিশ্রিত খেতিৰূপে চাহ বাগানত প্রতিবিঘাত ১০ ৰ পৰা ১২ ফুটৰ অন্তৰে অন্তৰে, তামোল গছৰ বাৰীত ৪ জোপাৰ মাজত এজোপাকৈ, বিঘাই প্রতি ১৪০ জোপা ক'ক' গছ ৰোপণ পাৰি ।

এজোপা গছৰ পৰা বছৰি গড়ে ৩০০ টকাৰ পৰা ৫০০ টকালৈকে উপার্জন কৰিব পাৰি। এই গুটিৰ পৰা তৈয়াৰ কৰা পাউদাৰৰ প্ৰতি কেজিৰ বজাৰ মূল্য ১০০০ ৰ পৰা ১২০০ টকা। বজাৰ নোপোৱালৈকে পুৰঠ গুটি নষ্ট হোৱা বা কল্ড ষ্টৰেজৰ প্ৰয়োজন নাই।

খেতিয়কে ৰ'দত শুকুৱাই থৈ যেতিয়াই ইচ্ছা বিক্ৰী কৰিব পাৰে । তিনিবছৰীয়া পুলিৰ পৰা ক'ক' উৎপাদন আৰম্ভ হয় । খণ্ড উন্নয়ন বিষয়া শিখামণি গগৈয়ে উপযুক্ত মাটি থকা হিতাধিকাৰীক অহা ২৫ এপ্ৰিলৰ ভিতৰত সংশ্লিষ্ট পঞ্চায়তৰ যোগেদি নামসমূহ দিবলৈ আহ্বান জনাইছে ।

বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ক'ক' খেতি কৰিবলৈ হিতাধিকাৰীৰ অন্তত দুবিঘা মাটি থাকিব লাগিব । হিতাধিকাৰী আত্মসহায়ক গোটৰ সদস্য তথা মহিলা হোৱাৰ লগতে এমজি এনৰেগাৰ অধীনত জৱকাৰ্ডধাৰী হ'ব লাগিব ।

যোগ্য হিতাধীকাৰীয়ে এমজি এনৰেগাৰ অধীনত মজুৰি আৰু এবছৰীয়া পুলিৰ যোগান পাব বুলি তেওঁ উল্লেখ কৰি প্রতিজন হিতাধিকাৰীৰ নিজা আঁচনি হ'ব বুলি সদৰি কৰে ।