তিনিচুকীয়া

চাবুৱাত বিধ্বংসী ধুমুহা: উচন হ'ল শতাধিক ঘৰ-বাৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ, চাবুৱা : চাবুৱাত বুধবাৰে পুৱাই অহা এজাক বিধ্বংসী বতাহ-ধুমুহাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ টকৌবাম, ন-পাম, ৰাজাবাৰী, পুলুঙা আদিত শতাধিক লোকৰ ঘৰ দুৱাৰ ভাঙি ধংস বিনষ্ট হয়। অঞ্চলটোত বতাহ-ধুমুহাৰ ফলত পশু তথা গো-ধনও মৃত্যুক সাৱতি লেৱাৰ পৰিলক্ষিত হয়।

ৰঙালী বিহুৰ ব্যস্ততাৰ এই সময়চোৱাত প্ৰকৃতিৰ অই বিনষ্টত গাওঁ কেইখনত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে। চাবুৱা পুলুঙা, ৰজাবাৰীৰ টকোপাম ভাৰধৰা গাঁৱত বহু ঘৰ, দোৱাৰ আৰু বিদ্যুতৰ খুঁটা ভাঙি টহিলং হোৱা পৰিলক্ষিত হৈছে ।

তদুপৰি প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি ঘৰ আৰু বিদ্যুত পৰিবাহী তাঁৰৰ ওপৰত পৰি যোৱাত বিজুলী যোগান আৰু যাতায়ত বাধাৰ সৃষ্টি । এক প্ৰকাৰৰ জনজীৱনত ব্যাঘাত সানিলে এই ধুমুহাই।