তিনিচুকীয়া

কেবিনেটত সিদ্ধান্ত : শদিয়াত স্থাপন হ’ব ভূপেন হাজৰিকাৰ প্রতিমূৰ্তি

Asomiya Pratidin

ডিজিটেল ডেস্ক : শুকুৰবাৰে তিনিচুকীয়াত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হয় কেবিনেট বৈঠক। তিনিচুকীয়াৰ কনভেনচন চেণ্টাৰত অনুষ্ঠিত এই বৈঠকত ভালেকেইটা সুদূৰ প্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰি বৈঠকত লোৱা সিদ্ধান্তসমূহৰ কথা ব্যক্ত কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে যে,মেডিকেল, ইঞ্জিনিয়াৰিং কলেজত দুখীয়া শিক্ষাৰ্থীৰ বাবে ৫% আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। কাজিৰঙাত স্থাপন কৰিব তাজ হোটেল। একদৰে গুৱাহাটীত ৰেডিশ্যনৰ হোটেল স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

বঙাইগাঁৱত বেম্ব’ ক্রেছ বেৰিয়ান ভাগ্যশ্রী উদ্যোগ স্থাপনৰ সিদ্ধান্ত লোৱাৰ লগতে এই উদ্যোগৰ বাবে ৪৩৮ কোটি টকা ব্যয় হ’ব বুলি উল্লেখ কৰে। ৰাজ্য চৰকাৰে CSR শিতানত বিনিয়োগ কৰিব এই ধন।

আনহাতে চাহ নিগম প্রভিডেণ্ট ফাণ্ডলৈ ৰাজ্য চৰকাৰে দিব ১০০ কোটি টকা। পি পি পি, এ পি পি কৰ্মচাৰীৰ চাকৰিৰ বয়স বৃদ্ধিৰ লগতে উত্তৰ গুৱাহাটীত চাৰ্টাট একাউণ্টৰ শিক্ষানুষ্ঠান স্থাপন হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে।

কেবিনেটত লোৱা সিদ্ধান্তমৰ্মে মাটিৰ শ্রেণী বিভাজন ৫টালৈ হ্রাস কৰা হ'ব। ২ লাখ ১০ হাজাৰ লোকক প্ৰদান কৰিব মাটিৰ পট্টা। ইয়াৰোপৰি ৪ৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড।

তিনিচুকীয়া জিলাৰ উন্নয়নমূলক কামৰ বাবেও কেবিনেটত সিদ্ধান্ত লোৱা হয়। জিলাখনত স্থাপন কৰিব বহু সুবিধাযুক্ত গাড়ী পাৰ্কিং, বাইপাছত নতুন বাছ আৰু ট্রাক ষ্টেণ্ড। ন-পুখুৰী পাৰ্কৰ উন্নয়নৰ বাবেও ১০ কোটি ধাৰ্য কৰা হৈছে। চাবুৱা, ডুমডুমাৰ উন্নয়নৰ বাবেও পুঁজি ধাৰ্য কৰে।

মাৰ্ঘিৰেটাৰ পৰা নামপুকলৈ পথ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হয়। ডিগবৈত স্থাপন হ’ব অত্যাধুনিক ইণ্ডোৰ ষ্টেডিয়াম। লগতে শদিয়াত স্থাপন হ’ব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্রতিমূৰ্তি।

বুঢ়াবুঢ়ী থানৰ বাবে ৫ কোটি অনুদানৰ কথাও সংবাদমেলত উল্লেখ কৰে। তাৰোপৰি তিনিচুকীয়া ষ্টেডিয়ামখনৰ বাবে ৫০ কোটি টকা ধাৰ্য কৰা হয়। আনহাতে অসম চৰকাৰৰ চ্যুকাফা বঁটা ঘোষণা কৰে আৰু প্রবীণ সাংবাদিক ধীৰেন্দ্রনাথ বেজবৰুৱালৈ আগবঢ়োৱা হ'ব চ্যুকাফা বঁটা।

ইফালে তিনিচুকীয়াৰ দৰে অহা বৰ্ষৰ জানুৱাৰীত লখিমপুৰত আৰু ফেব্রুৱাৰীত নলবাৰীত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক। উল্লেখযোগ্য যে, আজিৰ এই বৈঠকত মন্ত্ৰী ৰঞ্জিত দাস,জয়ন্ত মল্লবৰুৱা, অজন্তা নেওঁগ, চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি ভালেকেইগৰাকী কেবিনেট মন্ত্ৰী উপস্থিত থাকে। লগতে উচ্চ পৰ্যায়ৰ বিষয়াসকলো উপস্থিত থাকে।