tihu
tihu 
অসম

টিহুত সদৌ অসম দিব্যাংগ উন্নয়ন সন্থাৰ সাধাৰণ সভা সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰী : টিহু আঞ্চলিক দিব্যাংগ উন্নয়ন সন্থাৰ উদ্যোগত টিহু হৰিমন্দিৰ প্ৰাংগণত শনিবাৰে এখন সাধাৰণ সভা সম্পন্ন হয়। সদৌ অসম দিব্যাংগ উন্নয়ন সন্থাৰ সভাপতি নিৰঞ্জন কলিতাৰ পৌৰোহিত্যত হোৱা সভাখন আয়োজনৰ উদ্দেশ্য আৰু সন্থাৰ লক্ষ্য বিৱৰি কয় টিহু আঞ্চলিক দিব্যাংগ উন্নয়ন সন্থাৰ সভাপতি গৌতম শৰ্মাই ।

সভাত সদৌ অসম দিব্যাংগ উন্নয়ন সন্থাৰ সম্পাদক ঝিল চৌধুৰী, মুখ্য উপদেষ্টা মধুনাথ শৰ্মা, উপদেষ্টা দীপকচন্দ্ৰ পাঠক, কোষাধ্যক্ষ প্ৰণৱেশ দাস, কাৰ্যনিৰ্বাহক সদস্য পিংকু তালুকদাৰ, নলবাৰী জিলা দিব্যাংগ উন্নয়ন সন্থাৰ সভাপতি ভগৱান বৰ্মন, কাৰ্যনিৰ্বাহক সদস্য আব্দুল গণি, সদৌ অসম দৃষ্টিহীন যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি বিনয় বৈশ্য, বৰপেটা জিলা দিব্যাংগ উন্নয়ন সন্থাৰ সভাপতি জচিম মোল্লা, সম্পাদক অনামিকা দাস প্ৰমুখ্যে সন্থাৰ বহুকেইগৰাকী বিষয়ববীয়া আৰু সদস্যই ভাগ লৈ সন্থাৰ জৰিয়তে দিব্যাংগসকলৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ বিষয়ে আলোচনা আগবঢ়ায় ।

সভাত চৰকাৰে দিব্যাংগসকলৰ উন্নয়নৰ বাবে লোৱা আঁচনিবোৰো যাতে সফলভাৱে ৰূপায়ণ হয় তাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক আন্তৰিকতাৰে কাৰ্য সম্পাদন কৰিবলৈও অনুৰোধ কৰে।

টিহু আঞ্চলিক দিব্যাংগ উন্নয়ন সন্থাৰ সম্পাদক ধৃতাস্মণি হালৈ, কাৰ্যনিৰ্বাহক সদস্য গোবিন্দ চৌধুৰী, হৰেন শীল, উত্তম বৈশ্য, তপন বেজবৰুৱা, মজিবুৰ আলী, দীপক পাঠক আদিৰ বিশেষ সহযোগত আয়োজিত সভাখনত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ, সাংবাদিক অজিত কুমাৰ শৰ্মায়ো দিব্যাংগ উন্নয়ন সন্থাই নিষ্ঠা আৰু সেৱাৰ মনোভাবেৰে দিব্যাংগসকলৰ উন্নয়নৰ হকে কাম কৰি যাবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে ।

সভাত নৱ গঠিত টিহু আঞ্চলিক দিব্যাংগ উন্নয়ন সন্থাৰ বিষয়ববীয়া আৰু সদস্যমণ্ডলীক সদৌ অসম দিব্যাংগ উন্নয়ন সন্থাৰ মুখ্য উপদেষ্টা মধুনাথ শৰ্মাই সন্থাৰ হকে শপতবাক্য পাঠ কৰোৱায়।