nalbari
nalbari 
অসম

টিহুৰ বালি হাইস্কুলৰ ৫৬ সংখ্যক বাৰ্ষিক অধিৱেশন, উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা...

Asomiya Pratidin

প্ৰতিদিন ডিজিটেল, নলবাৰী : নলবাৰী জিলাৰ টিহুস্থিত বালি হাইস্কুলৰ ৫৬ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে শনিবাৰে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থী আৰু শিক্ষক–শিক্ষয়িত্ৰীসকলে উলিওৱা বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাই বাটৰুৱা আৰু গাঁওৱাসীৰ বাৰুকৈয়ে দৃষ্টি আকৰ্ষণ কৰে ।

পুৱাৰ ভাগত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে । বিদ্যালয়খনৰ দুশৰো অধিক শিক্ষাৰ্থীয়ে শ্ৰেণী অনুসৰি বিহু, ঝুমুৰ, খেৰাই, হোলী আদি নাচ পৰিৱেশনৰ লগতে কৃষক, দৰা–কইনা আৰু অন্যান্য ঝংকাৰ দলেৰে গঠিত দৃষ্টি নন্দন শোভাযাত্ৰাকাৰীসকলে অঞ্চলটো পৰিভ্ৰমণ কৰা কালত বাটৰুৱাসকলে ৰৈ ৰৈ শোভাযাত্ৰাৰ আনন্দ উপভোগ কৰে ।

সমগ্ৰ অঞ্চলটোৰ মুনিহ–তিৰোতা, ডেকা–ডেকেৰীসকলে ঘৰৰ দীঘল পদুলিত সমৱেত হৈ শোভাযাত্ৰাকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে । বিদ্যালয়খনৰ শিক্ষয়িত্ৰী কৰৱী বৰ্মনৰ পৰিচালনাৰে হোৱা বালি হাইস্কুল ছাত্ৰ সদনৰ কাৰ্যকৰী সভাপতি অতুল পাঠক, জ্যেষ্ঠ শিক্ষক প্ৰবীণ ডেকা, ৰাজীৱ মেধি, সৰ্বানন্দ ডেকা, হেমলতা মেধি, দিবাকৰ বড়ো, উদ্ধৱ মেধি আদি শিক্ষক–শিক্ষয়িত্ৰীসকলৰ বিশেষ তত্ত্বাৱধানত হোৱা এই শোভাযাত্ৰাৰ পূৰ্বে বিদ্যালয়খনৰ পতাকা উত্তোলন কৰি বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধান শিক্ষক অশ্বিনী কুমাৰ গোস্বামীয়ে ।

বিদ্যালয়খনৰ অৱসৰীয়া শিক্ষক আটাউৰ ৰহমানে অলিম্পিক শিখা জ্বলায় আৰু মদনচন্দ্ৰ ডেকাই ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰে ।