অসম

বৰদিকৰাই নদীৰ পাৰত হেজাৰ-হেজাৰ বনভোজপ্ৰেমীৰ ভিৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ অৰুণাচল সীমান্তৱৰ্তী চিজোচাৰ বৰদিকৰাই নদীৰ পাৰত সম্প্ৰতি চলিছে বনভোজপ্ৰেমী ৰাইজৰ ভিৰ ৷ ৰবিবাৰে বন্ধৰ দিন হোবাৰ সুযোগতে নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত অসমৰ বভিন্ন প্ৰান্তৰ বনভোজ দলসমূহ আহি চিজোচাৰ বৰদিকৰাই নদীৰ পাৰত বহি আনন্দ উল্লাসৰ মাজেৰে এসাজ তৃপ্তিৰে খাই লৈ আদৰিছে নৱবৰ্ষক ৷

প্ৰাকৃতিক সৈন্দৰ্য্যৰে ভৰপুৰ চিজোচাৰ মনোমোহা দৃশ্য আৰু বৰদিকৰাই নদীৰ ওপৰত সত্তৰৰ দশকতে স্থাপন কৰা অসমৰ দ্বিত্বীয় সৰ্ব্ববৃহৎ জলসিঞ্চন প্ৰকল্প স্থলীৰ কাষৰ এই বনভোজথলীত প্ৰতি বছৰে এনেদৰেই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ হেজাৰ-হেজাৰ বনভোজপ্ৰেমী ৰাইজে আহি প্ৰীতিভোজ খাই আনন্দ উল্লাসত মতলিয়া হোৱা পৰিলক্ষিত হৈ আহিছে।

চিজোচাৰ বনভোজস্থলী প্ৰেমীক সুৰক্ষা প্ৰদান কৰিছে ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষী প্ৰশাসনৰ লগতে চছিঅ' ইক ডেভলপমেন্ট চছাইটি নামৰ বেচৰকাৰী সংস্থাটোৱে বনভোজথলী পৰিস্কাৰ-পৰিচ্ছন্ন কৰি সুন্দৰ পৰিৱেশ অক্ষুণ্ণ ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।