অসম

দুষ্টচক্ৰৰ দুষ্কাৰ্য ! শিক্ষয়িত্ৰীৰ নামত ভুৱা ফেচবুক একাউন্ট খুলি হাৰাশাস্তি

Asomiya Pratidin

ডিজিটেল সংবাদ,ছয়দুৱাৰ : সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত একাংশ দুষ্টচক্ৰই আন ব্যক্তিৰ নামত ভুৱা একাউন্ট খুলি ধন বিচৰাকে ধৰি বিভিন্ন প্ৰক্ৰিয়াৰে হাৰাশাস্তি চলোৱাৰ ঘটনা সঘনাই সমঘটিত হৈ আহিছে। এনে দুষ্কাৰ্য চাইবাৰ অপৰাধ যদিও ছদ্মবেশী দুষ্টচক্ৰ প্ৰায়েই আৰক্ষী তথা আইনৰ চকুত ধূলি দি এইধৰণৰ দুষ্কাৰ্য চলাই বহুতকে হাৰাশাস্তি কৰি আহিছে।

শেহতীয়াকৈ গহপুৰ মহকুমাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিজানত এনে এক দুষ্কাৰ্য তথা চাইবাৰ অপৰাধ সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰামতে, বালিজান সংগীত বিদ্যালয়ৰ পৰিচালন সঞ্চালক, সংগীত শিক্ষয়িত্ৰী তথা বিশিষ্ট লেখিকা শেৱালি কলিতাৰ নামত কোনো দুষ্ট চক্ৰই জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত এটা ভুৱা একাউন্ট খুলি শিক্ষয়িত্ৰীগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে বিভিন্ন জনলৈ উক্ত ভুৱা একাউন্টৰ পৰা পইচা বিচাৰি মেছেজ কৰি ব্যতিব্যস্ত কৰি তুলিছে।

দুষ্টচক্ৰটোৰ এনে অপকৰ্মত বিভিন্ন ব্যক্তিৰ লগতে শেৱালি কলিতা যথেষ্ট মানসিক সমস্যাৰ সন্মুখীন হৈছে। দুষ্ট চক্ৰটোৱে আনকি শেৱালি কলিতাৰ ভুৱা একাউন্টৰ পৰা বিভিন্ন ব্যক্তিলৈ অশোভনীয় তথা অস্বাভাৱিক মেছেজ প্ৰেৰণ কৰি হাৰাশাস্তি চলাই আছে বুলি শেৱালি কলিতাই জানিবলৈ দিছে।

ঘটনা সন্দৰ্ভত শেৱালি কলিতাই গহপুৰ আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰি উক্ত দুষ্কাৰ্যত লিপ্ত হৈ বহু ব্যক্তিক হাৰাশাস্তি কৰি থকা দুষ্ট চক্ৰটোক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছে। উল্লেখ্য যে যোৱা ১০ ডিচেম্বৰত গহপুৰৰ চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ উদ্যোগত শেৱালি কলিতাৰ বাসগৃহৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা এক জনাকীৰ্ণ সভাত বিশিষ্ট গল্পকাৰ শেৱালি কলিতাৰ চতুৰ্থখন গল্প সংকলন সম্পূৰ্ণ সফলতাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল।

তেওঁৰ এই সফলতাত ঈৰ্ষাম্বিত হৈয়ে কোনো দুষ্ট চক্ৰই শেৱালি কলিতাৰ নামত ফেচবুকত ভুৱা একাউন্ট খুলি মানসিকভাৱে হাৰাশাস্তি কৰাৰ অপচেষ্টা চলাইছে বুলি গল্পকাৰগৰাকীয়ে মত প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত ভুক্তভোগী ব্যক্তিসকলৰ লগতে সচেতন ৰাইজে আৰক্ষীৰ তৎপৰতা তথা কঠোৰ পদক্ষেপৰ আশা কৰিছে।