অসমীয়া মহিলাৰ নামেৰে নামাকৰণ হ'ব  The University of New South Wales ৰ প্ৰেক্ষাগৃহ
অসমীয়া মহিলাৰ নামেৰে নামাকৰণ হ'ব The University of New South Wales ৰ প্ৰেক্ষাগৃহ 
অসম

অসমীয়া মহিলাৰ নামেৰে নামাকৰণ হ'ব The University of New South Wales ৰ প্ৰেক্ষাগৃহ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্ববিখ্যাত এখন বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খনৰ এটা থিয়েটাৰৰ নামাকৰণ হ'ব অসমৰ এগৰাকী বিদুষী মহিলাৰ নামেৰে।

সুদূৰ অষ্ট্ৰেলিয়াৰ সম্ভ্ৰান্ত বিশ্ববিদ্যালয় দ্যা ইউনিভাৰ্চিটি অফ নিউ ছাউথ ৱেলছৰ ১৭ টা বিল্ডিং আৰু অঞ্চল বিশ্বৰ বিভিন্ন প্ৰান্তৰ মহিলাৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তাৰ ভিতৰত আছে অসমৰ এইগৰাকী মহিলাৰ নামো।

তেওঁৰ নামত নামাকৰণ হ'ব লেক্সাৰ থিয়েটাৰ GO-6 থিয়েটাৰৰ ইনছাইড CLB টো। এইগৰাকী মহিলাই অষ্ট্ৰেলিয়াৰ এইখন বিশ্ববিদ্যালয়ৰ পৰাই স্কুল অফ কেমিকেল ইঞ্জিয়াৰিঙত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। তাৰ পাছত তেওঁ সেইখন বিশ্ববিদ্যালয়ৰ পৰাই ১৯৫৯ চনৰ ১৩ জুলাইত লৈছিল স্নাতকোত্তৰ ডিগ্ৰী।

তেওঁৰ গৱেষণাৰ বিষয় আছিল প্ৰডাকছন অফ হাইকোৱালিটি অৰেঞ্জ জোছ কনচেনট্ৰেত। উল্লেখযোগ্য যে, এইখন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ লোৱ প্ৰথম অসমীয়া মহিলা।

অৱশ্যে তাত ডিগ্ৰী লৈ পৰৱৰ্তী সময়ত তেওঁ অসমলৈ ঘূৰি আহি কৃষি বিভাগৰ চাকৰি কৰিছিল। অতিৰিক্ত সঞ্চালক ১৯৮৭ চনত অৱসৰ গ্ৰহণ কৰে কৃষি বিভাগৰ পৰা। খাদ্য সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ যথেষ্ট কাম কৰি গৈছে।

বিশ্ববিদ্যালয়খনে আৰম্ভ কৰা চেলিব্ৰেশ্যন UNSW WOMEN শীৰ্ষক অনুষ্ঠানৰ এই বীৰল সন্মান প্ৰদান কৰা হয় এইগৰাকী অসমীয়া মহিলাক। এইগৰাকী বিশিষ্ট অসমীয়া মহিলা হৈছে অন্নদা গোহাঁই। তেওঁ বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ গোহাঁইৰ সুযোগ্য কন্যা আছিল।