অসম

মূৰটো গুজিবলৈ এটাই মাত্ৰ সৰু জুপুৰী সেইটোও ভাঙি থৈ গ’ল ধুমুহাইঃ ৩ সন্তানলৈ ক’লৈ যাব বিধৱা মহিলা…

asomiyapratidin

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈৰ নিকটবৰ্তী চমুৱাপাৰাৰ বৰঙ্গাবাৰী গাঁৱৰ ভনীতা নাথৰ সপোনৰ ঘৰখন তচনচ কৰি থৈ গ'ল এজাক ধুমুহাই। দুদিন পূৰ্বে মঙলদৈত হৈ যোৱা ধুমুহাই তচনচ কৰি থৈ গ'ল ভনীতা নাথৰ সপোনৰ ঘৰটি। ৫বছৰ পূৰ্বে স্বামী হাৰা হৈছিল ভনীতা। স্বামীৰ মৃত্যুৰ পিছত দিন হাজিৰা কৰি তিনিটা সন্তানেৰে এটি সৰু জুপুৰিত দিন কটাইছিল পৰিয়ালটিয়ে।

ভাবিছিল সন্তান কেইটি ডাঙৰ হ'লে জীৱনত সুখ সমৃদ্ধি আহিব। সেয়াও সপোন সপোন হৈয়ে ৰল ভনীতাৰ। ধুমুহাই সকলো তচনচ কৰি দিশহাৰা কৰিলে ভনিতাৰ পৰিয়ালটি। আচৰিত হ'লেও সত্য দৰিদ্ৰ ই কোঙা কৰা এই পৰিয়ালটিয়ে নাপাই চৰকাৰী চাউল, নাই বিধবা পেঞ্চন। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা এটি লেট্টিন পাইছিল যদিও ঠিকাদাৰে বনাবই পাহৰিলে টেংকি, নাই এটুপি খোৱা পানীৰ বাবে দমকল।

চমুৱাপাৰা পঞ্চায়ত পৰা আজিলৈকে পাবলৈ সক্ষম নহ'ল এটি চৰকাৰী আবাসগৃহ। ওচৰ চুবুৰীয়া ই তৎকালীন ভাবে কোনোবাই বাহ কোনোবাই টিন পাত এটি জুপুৰি বনাই দিব ধৰিছে যদিও কেতিয়ালৈ পাব ভনীতাই ইন্দিৰা আৱাস গৃহ, বিধবা পেঞ্চন,এটুপি খোৱা পানী তাকলৈ চিন্তনীয় বিষয় হৈ পৰিছে। এতিয়া বিছাৰিছে চৰকাৰ বা প্ৰশাসনৰ অলপ সকাহ। যাতে কেনেবাকে পোহপাল দিব পাৰে ভনীতাই পৰিয়ালটি।