৮ মে'ত ঘোষণা হ'ব গৃহ, আবকাৰী আৰু বন বিভাগৰ নিযুক্তিৰ ফলাফল...
৮ মে'ত ঘোষণা হ'ব গৃহ, আবকাৰী আৰু বন বিভাগৰ নিযুক্তিৰ ফলাফল...  
অসম

৮ মে'ত ঘোষণা হ'ব গৃহ, আবকাৰী আৰু বন বিভাগৰ নিযুক্তিৰ ফলাফল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ নিবনুৱাসকললৈ আজি আহিল আকৌ এক ভাল খবৰ। অহা ৮ মে'ত পুনৰ ঘোষণা কৰা হ'ব নিযুক্তিৰ ফলাফল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিলে এই খবৰ।

তেওঁ উল্লেখ কৰা অনুসৰি অহা ৮ এপ্ৰিলত মুঠ ৫ হাজাৰ৭৩০ টা পদৰ ফলাফল ঘোষণা কৰা হ'ব। এই ৫ হাজাৰ ৭০০ পদৰ ফলাফল ইতিপূৰ্বে হৈ যোৱা গৃহ, আবকাৰী, বন বিভাগৰ বিভিন্ন পদৰ।

দিনৰ ঠিক ১১ বজাত ঘোষণা হ'ব এই ফলাফলসমূহ। উল্লেখ্য যে যোৱা ৩ মে'ত ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল ডাইৰেক্ত ৰিকুইটমেণ্টৰ অধীনত ১১ হাজাৰ৩২৪ টা তৃতীয় বৰ্গৰ পদৰ নিযুক্তিৰ ফলাফল।

সেইদৰে ৪ মে'ত ঘোষণা কৰিছিল ১৪ হাজাৰ ২৮৬ টা চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফল। ইফালে তৃতীয় বৰ্গত নিযুক্তি লাভ কৰাসকলৰ কোনে কি বিভাগত নিযুক্তি লাভ কৰিছে সেই বিষয়ে আজি প্ৰকাশ কৰা হৈছে।

আনহাতে চতুৰ্থবৰ্গৰ পদত নিযুক্তিপ্ৰাপ্তসকলক অহা ৯ মে'ত তেওঁলোকৰ বিভাগসমূহৰ বিষয়ে অৱগত কৰা হ'ব। ইফালে ৰাজ্য চৰকাৰে নিযুক্তিপ্ৰাপ্ত মহিলা আৰু দিব্যাংগসকলক গৃহ জিলাতেই নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অহা ১১ মে'ত সৰুসজাইত অনুষ্ঠিত হ'ব নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ।