অজগৰ উদ্ধাৰ
অজগৰ উদ্ধাৰ 
অসম

বালিগাঁৱত ১৬ ফুট দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ সমীপৰ খনামুখ বালিগাঁৱত মঙলবাৰে এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয়। উদ্ধাৰ কৰা অজগৰটো ১৬ ফুট দৈৰ্ঘ্যৰ ৷ পুৱাই মূৰ্গী ভক্ষণ কৰি সময়তে প্ৰত্যক্ষ কৰে কিছুলোকে ৷

বালিগাঁৱৰ মিৰি গাঁৱৰ ( গ্ৰীণ ভিলেজ) প্ৰকৃতিপ্ৰেমী যুৱক পবিত্ৰ মিলি, অনুজ পাৱ,ৰজত মিলি, বিছাল মিলিয়ে ৰাইজৰ সহযোগত উদ্ধাৰ কৰে প্ৰকাণ্ড অজগৰটো ৷ উদ্ধাৰ কৰি চাৰিদুৱাৰ বন বিভাগক ছমজাই দিয়া হ’য় ৷

বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰা অজগৰটো লৈ যায় ৷ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ মূৰ্গী হাঁহ, ছাগলী আদি ভক্ষণ কৰি আহিছিল বুলি স্হানীয় ৰাইজে জানিবলৈ দিয়ে ৷