অসম

গহপুৰৰ এখন বিদ্যালয়ৰ দুৰাৱস্থা

Asomiya Pratidin

ডিজিটেল সংবাদ,গহপুৰঃ গহপুৰ মহকুমাৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ কলাবাৰীৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ দুৰাৱস্থা । খাটৰ গাওঁ কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়খনত ২০ ফুট দীঘল ১০ ফুট বহল এটা মাত্ৰ বাহঁৰ কোঠাৰ মাজতে অধ্যয়ন কৰে অৰ্ধশতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে।

কোঠাটোৰ লগতে লাগি আছে ৫ ফুট বহলৰ মধ্যাহ্ন আহাৰ বনোৱা এটা পাকঘৰ ৷ পাকঘৰটোৰ পৰা ওলোৱা ধোঁৱা আৰু জুইৰ তাপে উৎকট গৰমৰ মাজতে ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব লগা হৈছে ৷

আচৰিত কথা যে বাঁহৰ এই বিদ্যালয়খনত চৰকাৰী টকাৰে নিৰ্মাণ কৰি দিছে এটা পকী ৰেম্প ৷ ১৯৮৫ চনতে স্থাপিত এই প্ৰাথমিক বিদ্যালয়খনৰ বিধ্বস্ত আন্তঃগাঠনিয়ে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ উন্মাচিত কৰি তুলিছে বুলি একাংশই আক্ষেপ প্ৰকাশ কৰে।