অসম

ব'হাগৰ বিয়লি মুক্ত প্ৰকৃতিৰ আশ্ৰয়ত এজাক বগলী

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙাঃ বগাকৈ বগলী বহলাই বহিছে...।" কাজিৰঙাৰ ৰাজপথত ব'হাগত এজাক বগলীৰ নয়নাভিৰাম দৃশ্যই প্ৰত্যক্ষদৰ্শীক মন্ত্ৰমুগ্ধ কৰিছে ৷ ঋতুৰাজ বসন্ত কালত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা বাহঁগছত আশ্ৰয় লৈছে হাজাৰ হাজাৰ বগলীয়ে ৷

বগলীৰ কোলাহলত মুখৰিত হৈ পৰিছে চৌপাশ ৷ বগলীৰ শোভা উপভোগ কৰিবলৈ খন্তেকৰ বাবে ৰৈছে উজনি-নামনিৰ যাত্ৰী তথা দেশী-বিদেশী পৰ্যটক ৷

বগলীৰ নান্দনিক দৃশ্য উপভোগ কৰি একাংশই আওৰাইছে “বগলী এ ,বগা ফোঁট দি যা...” ৷ প্ৰকৃতিপ্ৰেমীৰ মতে বন আৰু জনে সহবাস কৰা ঠাইখনেই হ’ল কাজিৰঙা ৷ বগলীজাক উক্ত ঠাইৰ পৰা আঁতৰি যাবলৈ যাতে বাধ্য নহয় তাৰ বাবে কাষৰীয়া লোকসকলক গুৰুত্ব প্ৰদানৰ আহ্বান প্ৰকৃতিপ্ৰেমীৰ ৷ কিয়নো এনে দৃশ্য ক্ৰমে দুৰ্লভ হৈ আহিছে ৷