অসম

ছবি গৃহলৈ আহি আছে নতুন অসমীয়া ছবি 'The Mirage-অবাস্তৱ সংগ্ৰামৰ সাৰাংশ'

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কভিডৰ পাছত বহু নৱ-নিৰ্মিত ছবিয়ে অসমৰ চলচ্চিত্ৰ জগতখনক এক নতুন ৰূপ দিবলৈ সক্ষম হৈছে ৷ বিগত সময়ৰ তুলনাত অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰ নাইবা প্ৰসাৰে চলচ্চিত্ৰ জগতখনৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থকা লোকসকলকো যথেষ্ট সকাহ দিছে ৷

'The Mirage-অবাস্তৱ সংগ্ৰামৰ সাৰাংশ' সত্য ঘটনাৰ আধাৰত নিৰ্মিত এখন নতুন অসমীয়া ছবি। অতি শীঘ্ৰেই ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি।নৱপ্ৰজন্মৰ মাজত অনাকাংক্ষিত মুক্তিৰ দিশে ধাৱিত হোৱাৰ যি প্ৰৱণতা সেই প্ৰৱণতাৰ আধাৰতেই ছবিখনৰ কাহিনী ৰচিত হৈছে। এখন ব্যতিক্ৰম আৰু বাস্তৱ ঘটনাৰ আধাৰত ৰচিত কাহিনীৰে ছবিগৃহলৈ আহিবলগীয়া ছবিখনৰ বৃহস্পতিবাৰে জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত বিশেষ প্ৰৰ্দশনী কৰা হয়।

উল্লেখ্য যে, বিকাশ মুছাহাৰীয়ে পৰিচালনা কৰা এইখন প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি । ছবিখনৰ কাৰ্যবাহী প্ৰযোজনা অনামিকা বৰুৱাৰ । ছবিখনৰ প্ৰযোজনা কৰিছে সুৰবালা দেৱীয়ে।

বিশেষ প্ৰদৰ্শনীত উপস্থিত থাকে ছবিখনৰ কলা কুশলিৰ লগতে আমন্ত্ৰিত অতিথি আৰু বহুসংখ্যক দৰ্শক। উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া আৰু অৱসৰপ্ৰাপ্ত আই পি এছ তথা অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পল্লৱ ভট্টাচাৰ্য।

ছবিখনত অভিনয় কৰিছে গুণাকৰ দেৱ গোস্বামী, নৱজিৎ কোঁৱৰ, অভিজিত চুতীয়া, প্ৰশান্ত দাস, সিদ্ধাৰ্থ মুখাৰ্জী, জলী লস্কৰ, প্ৰিয়ংকা পঞ্চী দাস, ইষান হাজৰিকা, জিন্টু কুমাৰ কাশ্যপ, জিন্টু কলিতা, ৰবীন হালৈ, জ' মাচ', অংকিতা বৰুৱা, অনন্ত বৰা, ৰিপম ভৰদ্বাজ, ধ্ৰুৱ পল দত্ত আৰু হিমাংশু শৰ্মা আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । সংগীত পৰিচালনা কৰিছে মনদীপ মহন্তই । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ কলা-কুশলী তথা পৰিচালক ।