ইউনেস্ক'ৰ ভাৰতীয় প্রতিনিধিয়ে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম ক্ষেত্ৰ...
ইউনেস্ক'ৰ ভাৰতীয় প্রতিনিধিয়ে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম ক্ষেত্ৰ... 
অসম

ইউনেস্ক'ৰ ভাৰতীয় প্রতিনিধিয়ে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম ক্ষেত্ৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ চৰাইদেউঃ বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে স্বীকৃতি লাভৰ দিশে অগ্ৰসৰ হোৱা ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰত আজি উপস্থিত হ'ল পেৰিছস্থিত ইউনেস্ক'ৰ ভাৰতৰ ৰাষ্ট্রদূত আৰু স্থায়ী প্রতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰা বিশাল ভি শর্মা। ইউনেস্ক'ৰ স্থায়ী প্রতিনিধিগৰাকীয়ে চৰাইদেউ মৈদামক্ষেত্ৰ ভ্ৰমণ কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ পূৰ্ণ সম্ভাৱনাৰ কথা দোহাৰিলে সংবাদ মাধ্যমৰ আগত।

উল্লেখযোগ্য যে ৬০০ বছৰীয়া আহোম শাসনকালৰ গৌৰৱোজ্জ্বল স্বাক্ষৰ, ঐতিহাসিক সমলেৰে ভৰপূৰ চৰাইদেউ মৈদামক্ষেত্ৰক বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তর্ভুক্ত কৰিবলৈ ভাৰতৰ পৰা একমাত্র চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদামৰ নাম মনোনীত কৰি ইউনেস্ক লৈ ড'ছিয়াৰ প্ৰেৰণ কৰিছিল। ইয়াৰ আধাৰতে বিগত বৰ্ষৰ ৭ অক্টোবৰৰ বিয়লিৰে পৰা ইউনেস্ক'ৰ বিশেষ শাখা ইণ্টাৰনেচনেল কাউন্সিল অব্ মনুমেন্টছ এণ্ড ছায়েন্সৰ বিশেষজ্ঞ অর্থাৎ উত্তৰ-পূব এছিয়াৰ ইউনেস্ক'ৰ বিশেষজ্ঞ প্রতিনিধি লিম চিং চিয়াঙে চৰাইদেউ মৈদামক্ষেত্র ভ্ৰমণ কৰিছিল।

চৰাইদেউ মৈদামক্ষেত্রই বিশ্ব দৰবাৰত স্বীকৃতি লাভ কৰিব বুলি অসমবাসীয়ে অধীৰ আগ্রহেৰে বাট চাই থকা সময়তে আজি ইউনেস্ক'ত ভাৰতৰ ৰাষ্ট্রদূত আৰু স্থায়ী প্রতিনিধি হিচাপে কার্যনির্বাহ কৰি অহা বিশাল ভি শৰ্মাই চৰাইদেউ মৈদাম প্রত্নতাত্ত্বিক স্থানলৈ পৰিভ্ৰমণ কৰিবলৈ অহা বিষয়টোৱে দীর্ঘদিনীয়া আশা পূৰ্ণ হোৱাৰ পথত বুলি স্পষ্ট হৈ পৰিছে।