অসম

খিলঞ্জীয়া মুছলমান সকললৈ মুখ্যমন্ত্ৰীৰ ঈদৰ উপহাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ ৰাজ্যত বসবাস কৰা খিলঞ্জীয়া মুছলমানসকলৰ বাবে অসম চৰকাৰৰ বৃহৎ ঘোষণা। অসমৰ ভূমিপুত্ৰ গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দ সকলোলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ঈদৰ উপহাৰ। ৰাজ্যত বসবাস কৰা খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ সামাজিক জৰীপৰ বাবে জিলা পর্যায়ত সমিতি গঠন কৰিছে। প্রতিখন জিলাৰ জিলা আযুক্তক চেয়াৰ পাৰ্চন নিযুক্তি দি জৰিপ সমিতি গঠন।

জিলা পৰ্যায়ৰ এই আর্থসামাজিক জৰীপ সমিতিত বিলাসীপাৰাৰ এজন যুৱ নেতাক সদস্য নিয়োজিত কৰাত উৎফুল্ল হৈ পৰিছে গৰিয়া মৰিয়া দেশী পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে। জিলা সমিতিখনত স্থান লাভ কৰা বিলাসীপাৰা চহৰৰ দুই নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা বিলাসীপাৰা পৌৰ সভাৰ বাৰ্ড আয়ুক্ত ছুৰত জামাল আলী আহমেদক উষ্ম আদৰণি জনায় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে।

জিলা জৰীপ সমিতিৰ সদস্য আহমেদক বাঙালীপাৰাস্থিত পৰিষদৰ জিলা কাৰ্যালয়ত দেশী কৱজ আৰু জাঁপিৰে সম্বর্ধনা জ্ঞাপন কৰে পৰিষদৰ জিলা সমিতিয়ে। অচিৰেই আৰম্ভ হ'বলগীয়া খিলঞ্জীয়া মুছলমানসকলৰ জৰীপ কাৰ্য অতি নিয়াৰিকৈ যাতে হয় তাৰ প্রতি লক্ষ্য ৰাখিবলৈ সদস্যজনক আহ্বান জনায় খিলঞ্জীয়া মুছলমানসকলে। লগতে মুখ্যমন্ত্রীব এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে পৰিষদে।