অসম

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে "পৰিষ্কাৰ খুমটাই" প্ৰতিযোগিতাৰ ফলাফল

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত গ্ৰহণ কৰা "পৰিষ্কাৰ খুমটাই" প্ৰতিযোগিতাৰ ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰে । এই উপলক্ষে সমষ্টিটোৰ বৰটিকা মূদৈ গাঁৱৰ মুহিৰাম হাজৰিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত প্ৰথমখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰটিকা মূদৈ গাঁৱক ক্ষুদ্ৰ গ্ৰাম্য অভয়াৰণ্য হিচাপে ঘোষণা কৰে ।

অনুষ্ঠানত তেওঁ ব্ৰহ্মপুত্ৰ জিলা পৰিষদৰ ফলাফলসমূহ ঘোষণা কৰে । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে আধাৰ সত্ৰৰ শেনচোৱা বাপুজি হাইস্কুল খেলপথাৰ আৰু ভূলুকিটিং চাহ বাগিচাৰ নতুন লাইন খেলপথাৰত অনুষ্ঠিত সভাত অংশ লৈ আন তিনিটা জিলা পৰিষদ আৰু চাহ বাগিচাৰ ফলাফলসমূহ ঘোষণা কৰে । তেওঁ প্ৰথম দুটা স্থানত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে । প্ৰতিযোগিতাত ব্ৰহ্মপুত্ৰ জিলা পৰিষদৰ অধীনৰ দাধৰা গাঁৱে প্ৰথম, দাধৰা আহোম গাঁৱে দ্বিতীয়, দুলীয়া গাঁৱে তৃতীয়, মুদৈ গাঁৱে চতুৰ্থ আৰু গোৱাল গাঁৱে পঞ্চম পুৰস্কাৰ লাভ কৰে ।

দক্ষিণ হেংগেৰা জিলা পৰিষদৰ অধীনত ২ নং বৰটিং নাওশলীয়া গাঁৱে প্ৰথম, চেতিয়া গাঁৱে দ্বিতীয়, নামচনীয়া গাঁৱে তৃতীয়, বামুন গাঁৱে চতুৰ্থ আৰু মৈদামনি গাঁৱে পঞ্চম পুৰস্কাৰ লাভ কৰে । খুমটাই জিলা পৰিষদৰ অধীনত মেলামৰা গাঁৱে প্ৰথম, হাবিচোৱা চিনাতলি গাঁৱে দ্বিতীয়, কচুপথাৰ গাঁৱে তৃতীয়, বছাগাঁৱে চতুৰ্থ আৰু বগৰীয়নি গাঁৱে পঞ্চম পুৰস্কাৰ লাভ কৰে ।

কঠালগুৰি জিলা পৰিষদৰ অধীনত যোগিবাৰী গাঁৱে প্ৰথম, বুঢ়ালিকচন গাঁৱে দ্বিতীয়, গোঁসাই সত্ৰ গাঁৱে তৃতীয়, ঢেকিয়াল গাঁৱে চতুৰ্থ আৰু চিনাতলী গাঁৱে পঞ্চম পুৰস্কাৰ লাভ কৰে । আনহাতে ২৪ খন চাহ বাগিচাৰ ভিতৰত নতুন মাটি চাহ বাগিচাই প্ৰথম, বৰটিং চাহ বাগিচাই দ্বিতীয় আৰু বৰকাঠনি চাহ বাগিচাই তৃতীয় পুৰস্কাৰ লাভ কৰে।

এই অনুষ্ঠানত সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ , আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰ, সমাজকৰ্মী দেৱপ্ৰদীপ বৰা আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ভালেসংখ্যক লোক উপস্থিত থাকে ।

উল্লেখযোগ্য যে যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ খুমটাই সমষ্টিৰ গাঁও আৰু চাহ বাগিচাসমূহৰ মাজত "পৰিষ্কাৰ খুমটাই" প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । সমষ্টিটোৰ অধীনৰ চাৰিখন জিলা পৰিষদৰ অন্তৰ্গত গাঁৱলৈ পাঁচটাকৈ মুঠ ২০টা পুৰস্কাৰ আগবঢ়োৱা হৈছে । প্ৰথম পুৰস্কাৰ ১কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্মাণ, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম পুৰস্কাৰ ক্ৰমে ১০লাখ, ৮লাখ, ৫লাখ আৰু ৩লাখ টকাৰ উন্নয়নমূলক আঁচনি ।

আনহাতে চাহ বাগিচাসমূহলৈ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ'ব ক্ৰমে ৫ লাখ, ৩ লাখ আৰু ২ লাখ টকাৰ উন্নয়নমূলক আচঁনি। সমষ্টিটোৰ মুঠ ১৪৮ খন গাঁও আৰু ২৪ খন চাহ বাগিচাৰ ভিতৰত প্ৰাৰম্ভিক বাচনিত ৪৮ খন গাওঁ আৰু ৩ খন চাহ বাগিচা অযোগ্য বিবেচিত হয় ।

৪ আৰু ৫ মাৰ্চত প্ৰকৃতিপ্ৰেমী, পৰিৱেশবিদ, জ্যেষ্ঠ সাংবাদিক আৰু অসামৰিক বিষয়াকে ধৰি বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শী ব্যক্তিকলৈ গঠন কৰা মুঠ ৫ টা দলে বিচাৰক হিচাপে ১২১ খন গাওঁ আৰু চাহ বাগিচা পৰিদৰ্শন কৰি বাছনি কৰে ।