বীজ সিঁচা কাৰ্য
বীজ সিঁচা কাৰ্য 
অসম

চাবুৱাত ৯২বিঘা কৃষি ভূমিত বাওধানৰ বীজ সিঁচা প্ৰক্ৰিয়া সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ, চাবুৱাঃ যি সময়ত শিক্ষিত নিবনুৱাই চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি ফুৰিছে সেই সময়তে নিজ চাবুৱা মৰানকাৰী গাঁৱৰ কৃষি গোটৰ সদস্যসকলে স্বাৱলম্বীতাৰ নিৰ্দশন দাঙি ধৰিছে । শস্য উৎপাদনেৰে আত্মনিৰ্ভৰশীল হোৱাৰ মন মেলিছে গোটটোৰ সদস্যসকলে ।

আৰ্থিক ভাৱে স্বনিৰ্ভৰশীল হোৱাৰ মানসেৰে ৯২বিঘা কৃষি ভূমিত বাওধানৰ খেতি আৰম্ভ কৰিছে । এক ব্যতিক্ৰমী পৰিৱেশত সকলোৱে বিহু গাই, নাচি বাগি বীজ সিঁচা প্ৰক্ৰিয়া সমাপন কৰে ।

বীজ সিঁচা প্ৰক্ৰিয়া

এই কাৰ্যৰ শুভাৰম্ভণি কৰে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই । মৰাণকাৰী গাঁৱৰ এই যুৱক সকলৰ এই সৃষ্টিমুখী কাৰ্য্যক সকলোৱে প্ৰশংসা কৰিছে । যিসময়ত অসমীয়া ডেকাই খেতি কৰিবলৈ এৰিছে তেনে সময়তে এনে কাৰ্যই সকলোকে অনুপ্ৰেৰণা দিছে ।