ব্যৱসায়িক প্ৰতিষ্ঠান, জি +২ আৱাসিক বিল্ডিং, ধৰ্মীয় স্থান, ৰে'ল-বাছ ষ্টপেজত লগাব লাগিব চি চি কেমেৰা...
ব্যৱসায়িক প্ৰতিষ্ঠান, জি +২ আৱাসিক বিল্ডিং, ধৰ্মীয় স্থান, ৰে'ল-বাছ ষ্টপেজত লগাব লাগিব চি চি কেমেৰা... 
অসম

ব্যৱসায়িক প্ৰতিষ্ঠান, জি +২ আৱাসিক বিল্ডিং, ধৰ্মীয় স্থান, ৰে'ল-বাছ ষ্টপেজত লগাব লাগিব চি চি কেমেৰা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি প্ৰথমটো দিন। এই প্ৰথমটো দিনতে উত্তাল হৈ পৰে সদন। ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ভাষণ আগবঢ়াই থকাৰ মাজতে মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুয়ে অসমৰ মানুহে কুকুৰৰ মাংস খাই বুলি কৰ মন্তব্যৰ সন্দৰ্ভত উত্তাল হৈ পৰে সদন। সদনত সৃষ্টি হোৱা হুলস্থুলীয়া পৰিৱেশৰ বাবে ৰাজ্যপালে ১৭ মিনিট ভাষণ আগবঢ়ায়েই ভাষণ সামৰিবলৈ বাধ্য হয়।

ইফালে আজি বিধানসভাত উত্থাপন কৰা হয় The Assam Public safety (Measures) Enforcement Bill 2023। মন্ত্ৰী অশোক সিংঘালে উত্থাপন কৰে এই বিলখন। বিলখনত জনসাধাৰণৰ সুৰক্ষা নিশ্চিতকৰণ আৰু অপৰাধ ৰোধৰ বিষয়ে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ আছে।

এই বিলখনত উল্লেখ থকা অনুসৰি বাণিজ্যিক স্থান, উদ্যোগিক ক্ষেত্ৰ, ধৰ্মীয় স্থান, শৈক্ষিক প্ৰতিষ্ঠান, চৰকাৰী গৃহ, ক্ৰীড়া প্ৰকল্প, ৰে'লৱে ষ্টেচন, বাছ ষ্টপেজ, আবাসিক বিল্ডিং আদিত চি চি টিভি কেমেৰা স্থাপন কৰিব লাগিব। আনহাতে সেই চি চি টিভি কেমেৰাৰ ফিড চৰকাৰক প্ৰদান কৰিব লাগিব। ৩০ দিনলৈকে কোনেও ইয়াৰ দৃশ্য ডিলিট কৰিব নোৱাৰিব।

এই বিল আইন হিচাপে পৰিগণিত হোৱাৰ পিছত আনহাতে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ তথা পৰিচালক, আবাসিক বিল্ডিং জি +২ তকৈ অধিক হ'লে এবছৰৰ ভিতৰত অথবা অনুজ্ঞাপত্ৰ নবীকৰণ হোৱাৰ সময়ত চি চি টিভি সংস্থাপন কৰিব লাগিব।

অন্যথা সংশ্লিষ্ট বিষয়াৰ দ্বাৰা জাৰি হোৱা কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ ১৫ দিনৰ ভিতৰত দিব লাগিব। ইয়াৰোপৰি উত্তৰ নিদিলে এ চি পি, ডি এছ পি অথবা এছ ডি পি অ'ই এমাহত ৫ হাজাৰ আৰু দ্বিতীয় মাহত ১০ হাজাৰ টকা পৰ্যন্ত জৰিমণা বিহিব পাৰিব। ২ মাহতকৈ অধিক সময়ৰ ভিতৰতো যদি উত্তৰ নিদিয়ে তেন্তে সেই প্ৰতিষ্ঠান ছীল পৰ্যন্ত কৰিব পাৰিব।