অসম

শিক্ষক সমাজৰ অৱস্থান ধৰ্মঘট

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ আহ্বানত মঙলদৈত সোমবাৰে প্ৰাথমিক টেট্ উৰ্ত্তীণ শিক্ষক সমাজে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

সকলো ঠিকাভিত্তিক প্রাথমিক টেট্ উত্তীর্ণ শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীৰে কৰে অৱস্থান ধর্মঘট কাৰ্যসূচী। কলাইগাওঁ শিক্ষা খণ্ড কাৰ্যালয় প্ৰাঙ্গনত হয় এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সোমবাৰে দুপৰীয়া ১২ বজাৰ পৰা ৪ বজালৈ চলি থকা ধৰ্মঘট কাৰ্যসূচীত শতাধিক শিক্ষকে অংশ গ্ৰহন কৰে।