ইংলেণ্ডৰ বিৰুদ্ধে নিৰ্লজ্জ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ
ইংলেণ্ডৰ বিৰুদ্ধে নিৰ্লজ্জ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ 
অসম

ইংলেণ্ডৰ বিৰুদ্ধে নিৰ্লজ্জ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰা বাহিৰ হ'ল টীম ইণ্ডিয়া। ভাৰতীয় বলাৰৰ অতি দুৰ্বল প্ৰদৰ্শনেই আছিল মেচখনত ভাৰতৰ পৰাজয়ৰ মূল কাৰণ। ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যত ইংলেণ্ডে এটাও উইকেট নেহেৰুৱাকৈ অতি সহজে উপনীত হয়।

ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে ভাৰতীয় দলটোক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ৬ টা উইকেট হেৰুৱাই ২০ অভাৰত ১৬৮ ৰাণ সংগ্ৰহ কৰে।

ভাৰতৰ হৈ হাৰ্ডিক পাণ্ডিয়াই সৰ্বাধিক ৬৩ ৰাণ কৰাৰ বিপৰীতে বিৰাট কোহলিয়ে ৫০ ৰাণ সংগ্ৰহ কৰে। পূৰ্বৰ দৰেই আজিৰ মেচখনত ব্যৰ্থ হয় উপ-অধিনায়ক তথা অপেনাৰ কে এল ৰাহুল। সূৰ্য কুমাৰ যাদৱৰ বেটৰ পৰাও নাহিল অধিক ৰাণ।

ইয়াৰ বিপৰীতে ১৬৯ ৰাণৰ লক্ষ্য আগত লৈ খেল পথাৰত নমা ইংলেণ্ডে ১৬ অভাৰতে এটাও উইকেট নেহেৰুৱাকৈ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইংলেণ্ডেৰ অপেনাৰদ্বয় ক্ৰমে জছ বাটলাৰে ৪৯ বলত ৮০ ৰাণ এলেক্স হেলছে ৪৭ বলত ৮৬ ৰাণ সংগ্ৰহ কৰে।