অসম

উচ্চতম ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ মুখ থেকেচাঃ NRIৰ আসন সংৰক্ষণক স্থগিতাদেশ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চিকিৎ‍সা শিক্ষাত এন আৰ আইৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা ৰাজ্য চৰকাৰে মুখ থেকেচা খালে উচ্চতম ন্যায়ালয়ত । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ। উল্লেখ্য যে, চৰকাৰে কেবিনেট বৈঠকত এন আৰ অইৰ বাবে আসন সংৰক্ষণৰ সিদ্ধান্ত লৈছিল।

এই সিদ্ধান্ত মৰ্মে এন আৰ আইৰ বাবে ৮% আসন সংৰক্ষণৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে। যাৰ বাবে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধীতাৰে আৰিৰুজ জামান নামৰ এজন ব্যক্তিয়ে দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা (PIL)। সেই মোকৰ্দমাৰ শুনানি গ্রহণ কৰি উক্ত নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।