অসম

গোলাঘাটত যোগান বিভাগৰ অভিযান,সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অভিযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ কোনো বিক্রেতা অথবা সুলভ মূল্যৰ দোকানী, অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি অব্যাহত ৰাখি অভিযান চলাইছে ৰাজ্যৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে। শেহতীয়াকৈ গোলাঘাট জিলাত মেচাৰ্ছ কাকডোঙা সমবায় সমিতিৰ অধীনৰ এখন সুলভ মূল্যৰ দোকানৰ দায়িত্বত থকা মামণি দত্তৰ বিৰুদ্ধে হিতাধিকাৰীসকলে ৰুজু কৰা গোচৰৰ ভিত্তিত বিভাগীয় বিষয়ববীয়াসকলে পৰ্যবেক্ষণ কৰে।

দোকানী মামণি দত্তই হিতাধিকাৰীসকলক চৰকাৰী চাউলৰ প্ৰাপ্য অংশ বিতৰণ কৰা নাছিল। এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলৈ বিষয়ববীয়াসকলে চলোৱা অভিযানত দোকানীগৰাকীৰ বিৰুদ্ধে প্ৰতিটো অভিযোগ সঁচা বুলি প্ৰমাণ হয়, যাৰ ফলত তেওঁৰ সুলভ মূল্যৰ দোকানখন জব্দ কৰা হয় বুলি জানিবলৈ দিয়ে।