অসম

চৰাইদেউত স্বৰ্গদেউৰ বিননি! বৰ অসমৰ ভেঁটি গঢ়োতা জনৰ মৈদাম বেদখলৰ কবলত

Asomiya Pratidin

ডিজিটেল ডেস্ক: সাত ৰাজ মাৰি এক ৰাজ কৰা বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চুকাফাৰ মৈদাম আজি অৱহেলিত। ৬০০ বছৰীয়া আহোম ৰাজ্যৰ প্ৰথম গৰাকী স্বৰ্গদেউ চুকাফাৰ মৈদান আজি বেদখলৰ কবলত।

মৈদামৰ সমীপৰ মাটি চাহ খেতি কৰাৰ লগতে মৈদামলৈ যোৱা পথটো এতিয়া ব্যক্তিগত লোকৰ দখলত। এই মৈদাম স্থলীলৈ যাব লাগে এজন লোকৰ চৌহদৰ মাজেৰে। আনহাতে মৈদামৰ মাটিতেই আছে এই লোকজনৰ শৌচাগাৰ।

চৰাইদেউত থকা চুকাফাৰ এই মৈদামৰ উপযুক্ত সংৰক্ষণৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন হৈ আহিছে। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোতে মৈদামস্থলীত উপযুক্ত সংৰক্ষণৰ বাবে ১ কোটি টকা প্ৰদান কৰা হৈছিল।

সেই সময়ত চৰাইদেউ জিলা প্ৰশাসনে এখন সভা অনুষ্ঠিত কৰি চুকাফাৰ মৈদামস্থলীৰ মাটিৰ সীমা নিৰ্ধাৰণ কৰিবলৈ কাগজ-পত্ৰ পৰীক্ষা কৰিছিল যদিও চৰকাৰী নথিত সেই মাটি মৈদামৰ নামত নথকাত মাটিৰ সীমা নিৰ্ধাৰণ কৰিব নোৱাৰিলে।

পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে প্ৰদান কৰা ১ কোটি টকা ঘূৰি যায়। তাৰ পাছৰ পৰা বিষয়টো সন্দৰ্ভত নিমাতে ৰ'ল চৰকাৰ-প্ৰশাসন। উল্লেখ্য যে, সেই মৈদামস্থলীতে আছে চুকাফাৰ মৈদামৰ উপৰিও তেওঁৰ দুই পুত্ৰৰ মৈদাম। চুকাফাৰ মৈদামৰ এই অৱস্থাৰ পাছতো চৰকাৰে বিষয়টোৰ গা এৰা দিয়াত, জাতীয় দল-সংগঠনে ইয়াক লৈ সৰৱ নোহোৱাত যি কোনো সময়তে এই মৈদামৰ অস্তিত্ব নাইকীয়া হোৱা শংকাই দেখা দিছে।

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম-জয়ন্তী উলহ-মালহেৰে পালন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি চুকাফাৰ মৈদামক উপযুক্ত সংৰক্ষণ কৰিবৰ বাবে ব্যৱস্থা ল'ব বুলি স্থানীয়লোকে মন্তব্য কৰিছে।

আৰু পঢ়ক: কেবিনেটত এবছৰত সিদ্ধান্ত ৮৯০, কাৰ্যকৰী ৩০৭...