অসম

হৰি নামৰ অমীয়া সুৰত বুৰ গ'ল ২নং মাধৱ গোহাঁই গাওঁ

Asomiya Pratidin

ডিজিটেল সংবাদ, ওৰাংঃ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ওদালগুৰি জিলা শাখাৰ বাৰ্ষিক অধিৱেশন খনিৰ দেওবাৰে সফল সামৰণি পৰে। ওদালগুৰি- দৰং জিলাৰ সীমান্তৱৰ্তী মাধৱ গোহাঁই গাৱঁত অনুষ্ঠিত হয় এই বাৰ্ষিক অধিৱেশন খনি।‌ প্ৰথম দিনত কেইবাখনো সভা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া প্ৰদৰ্শিত হয় ৰাম বিজয় অংকীয়া নাটখনি।

দ্বিতীয়টো দিনত পুৱাই পতাকা উত্তোলনৰ পিছতে আৰম্ভ হয় ভাগৱত শোভাযাত্ৰা। ইয়াৰ পিছতে অনুষ্ঠিত হয় মূল কাৰ্যসূচী মুকলি সভা। মুকলি সভাত কেইবাজনো বক্তাই সমাজ বৰ্তি থাকিবলৈ যে আধ্যাত্মিকতাৰ প্ৰয়োজন সেই বিষয়ে সাৱলীল মন্তব্য আগবঢ়াই । মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় ধেমাজিৰ নিৰন্জন ভূঞা আৰু বিশ্বনাথৰ মন্দিৰা ভৰালীয়ে। অনুষ্ঠানৰ দুটা দিনতে হৰি নামেৰে ৰজনজনাই থাকে মাধৱ গোহাঁই গাঁৱৰ আকাশ বতাহ।