প্ৰতীকি ফটো
প্ৰতীকি ফটো 
অসম

বনভোজ খাবলৈ গৈ নদীত পৰি ছাত্ৰৰ কৰুণ মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্ক: কামৰূপৰ বামুন্দিত অঘটন। দেওবাৰে ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটে এজন ছাত্ৰৰ।

সমনীয়াৰ সৈতে বনভোজ খাবলৈ গৈ ব্রহ্মপুত্র নদীত সলিল সমাধি ছাত্ৰ জনৰ।ছাত্রজনৰ বামুন্দীৰ বান্ধৱপাৰাৰ তীৰ্থজিৎ ভূঞা বুলি জানিব পৰা গৈছে।

বামুন্দী ছিনিয়ৰ ছেকেণ্ডাৰীৰ প্রথম বাৰ্ষিকৰ ছাত্র আছিল তীৰ্থজিৎ। ঘটনাৰ বিষয়ে অবগত হোৱাৰ পাছত স্থানীয় ৰাইজৰ সহযোগত SDRF-এ উদ্ধাৰ কৰে ছাত্রজনৰ মৃতদেহ। এই ঘটনাটোৰ পাছতেই সমগ্ৰ অঞ্চলটোত শোকৰ ছা পৰিছে।

আৰু পঢ়ক: মহানগৰীত বাঘৰ আক্ৰমণত আহত এজন...