অসম

বিলাসীপাৰা আৰক্ষীৰ বৃহৎ সাফল্য; ১১খনকৈ চুৰি বাইক উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰীৰ বিলাসীপাৰা আৰক্ষীৰ বৃহৎ সাফল্য। উল্লেখ্য যে বিলাসীপাৰাৰ চৰাঞ্চলত এটা বৃহৎ বাইক চুৰি চক্ৰই সক্ৰিয় হৈ থকাৰ অভিযোগ দীৰ্ঘ দিনৰে পৰা উত্থাপিত হৈ আহিছে।

এই চক্ৰটোৱে বিভিন্ন অঞ্চলত মটৰ চাইকেল সঘনাই চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে। এনে সময়তে ধুবুৰীৰ বিলাসীপাৰাৰ নায়েৰ আলগা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হবিবুৰ ৰহমানে চক্ৰটোৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলে।

বিষয়া গৰাকীৰ নেতৃত্বত এদল আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বয়েজেৰ আলগাত অতৰ্কিতে অভিযান চলায়। দেওবাৰৰ এই অভিযানত এখন ৰয়েল এনফিল্ডকে ধৰি ১১ খন চুৰি মটৰ ছাইকেল উদ্ধাৰ কৰাৰ লগতে এজন বাইক চুৰি চক্ৰৰ সদস্যক আটক কৰে।

আনহাতে আৰক্ষীৰ দলটোয়ে মটৰ চাইকেল সমূহ ক্ৰয় কৰাৰ বাবে অহা চাৰিগৰাকী গ্ৰাহকক থিতাতে আটক কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে আটক কৰা বাইক চুৰি কাণ্ডত জড়িত মইনুদ্দিন স্বেখ ওৰফে মণ্ডলক গ্ৰেপ্তাৰ কৰে। চোৰ জনৰ ঘৰ চৰাঞ্চলৰ বয়েজেৰ আলগা ৩য় খণ্ড গাঁৱত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে চোৰজনক আটক কৰি সোদ-পোছ অব্যাহত ৰাখিছে।

আৰু পঢ়ক: ৪৫৫ বছৰ পিছত দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত ন-খোৱা উৎসৱ