সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান বৃহৎ পৰিমাণৰ কাঠসহ অবৈধ কাঠৰ মিল জব্দ...
সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান বৃহৎ পৰিমাণৰ কাঠসহ অবৈধ কাঠৰ মিল জব্দ... 
অসম

SSB ৰ অভিযান বৃহৎ পৰিমাণৰ কাঠসহ অবৈধ কাঠৰ মিল জব্দ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰৌতাৰ লালপুলত এছ এছ বিৰ বৃহৎ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠসহ কাঠফলা মিল।

উল্লেখ্য যে আজি ৰৌতাৰ লালপুলস্থিত ২৩ নং সশস্ত্ৰ সীমা বল (SSB)ৰ তহলদাৰী এটা দলে জব্দ কৰে এই বৃহৎ পৰিমাণৰ কঠাখিনি। দলটোৱে আমজুলিৰ নলবাৰী নদীৰ কাষত বৃহৎ পৰিমাণৰ অবৈধ কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত কাঠৰ ভিতৰত ১০ ছেন্টিমিটাৰৰ ৬৬৭ খন তক্তা, ১২৫ টা কাঠৰ কুন্দা আৰু ২ টা কাঠফলা মেচিন জব্দ কৰা বুলি জানিবলৈ দিয়ে সীমান্ত সুৰক্ষা বাহিনী কৰ্তৃপক্ষই।