অসম

চিৰাঙত এছ এছ বিৰ অভিযানঃ উদ্ধাৰ ঢেঁকীয়াপতীয়া বাঘৰ ছাল, অংগ প্ৰতঙ্গ

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী পানবাৰী থানাৰ অন্তৰ্গত খয়ৰাবাৰী হাদানত এছ এছ বিৰ অভিযান। শনিবাৰে বিয়লিৰ ভাগত এই অভিযানত বাঘৰ ছাল আৰু বাঘৰ বিভিন্ন অংগসহ এজন যুৱকক এছ এছ বিয়ে আটক কৰে ।

জানিব পৰা মতে আটকাধীন ধৃত যুৱকজনৰ নাম খয়ৰাবাৰী হাদানৰ নিবাসী অনছুমা খেৰকাটাৰী (২৩)। আজি এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এছ এছ বিৰ ১৫ নং বেটেলিয়ানৰ এটা দলে অভিযান চলাই অনচুমা খেৰকাটাৰীৰ নিজ বাসগৃহৰ পৰা ঢেঁকীয়াপতীয়া বাঘৰ ছাল আৰু অংগ প্ৰতঙ্গ উদ্ধাৰ কৰে ।

ইয়াৰ পিছত জব্দকৃত বাঘৰ ছাল আৰু অংগ প্ৰতঙ্গখিনিৰ লগতে আটকাধীন যুৱকজনক এছ এছ বিয়ে বন বিভাগৰ পানবাৰী ৰেঞ্জ কাৰ্যালয়ত গতাই দিয়ে । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী ৰেঞ্জ এলেকাত ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণ স্থলী হিচাপে জনাজাত তেনেক্ষেত্ৰত উক্ত অঞ্চলৰ মানুহৰ ঘৰৰ পৰা এনেধৰনৰ বাঘৰ ছালৰ লগতে অঙ্গ প্ৰতঙ্গ উদ্ধাৰ হোৱা বিষয়টো উদ্বেগ ঘটনা বুলি বিবেচিত হৈছে ।

কিন্তু কি পৰিস্থিতিত বাঘৰ ছালসহ আন অঙ্গ প্ৰতঙ্গখিনি যুৱকজনৰ ঘৰত আহি পালে নে যুৱকজনে নিজেই বাঘ চিকাৰ কৰিছে এই সন্দৰ্ভত কোনো তথ্য এতিয়াও লাভ কৰা নাই।