অসম

দুমাহ পূৰ্বে আৱদ্ধ হৈছিল বিবাহপাশত, গুলী লাগি প্ৰাণ গ'ল ধনজিতৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত সংঘটিত হৈছে এক শোকাবহ ঘটনা। অকালতে প্ৰাণ হেৰুৱালে এজন জোৱানে। অসাৱধানতাৰ বাবে প্ৰাণ গল অসমৰ এজন যুৱকৰ।

হিমাচলৰ এছএছবিত কৰ্মৰত আছিল ধনজিৎ‍ দাস। বজালীৰ বৰবাং কুমাৰপাৰাৰ বাসিন্দা আছিল ধনজিৎ‍। জানিব পৰা মতে অসাৱধানবশতঃ বন্দুকৰ গুলী লাগি থিতাতে মৃত্যু হয় জোৱানজনৰ। নিজৰ হাততেই প্ৰাণ হেৰুৱালে ধনজিতে।

জানিব পৰা মতে প্ৰায় দুমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল ধনজিত। বিয়াৰ পাছত গৈ কৰ্তব্যত যোগদান দিছিল। সকলো ঠিকেই আছিল। তাৰ মাজতে দেওবাৰে দিনৰ ভাগত সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনাটো।

এই ঘটনাত ধনজিতৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছা পেলাইছে। যাবতীয় কাম-কাজ সম্পূৰ্ণ হোৱাৰ পাছচ ধনজিতৰ মৃতদেহ লৈ অহা হ'ব পৰিয়ালৰ ওচৰলৈ। যুৱকজনৰ অকাল মৃত্যুয়ে কন্দুৱাই থৈ গৈছে পৰিয়ালৰ লগতে আত্মীয়ক।