অসম

অনা-অসমীয়া ব্যৱসায়ীৰ মুখত খুওৱা শৃংখল চলিহাৰ জামিন মঞ্জুৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শৃংখল চলিহাৰ জামিন মঞ্জুৰ। শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জামিন লাভ চলিহাৰ। মঙলবাৰে পুৱা শিৱসাগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল শৃংখলক।

অৱশ্যে আজি নিশা শিৱসাগৰ কাৰাগাৰত কটাব লাগিব শৃংখলে। ১৫,০০০ টকা বেইল বোণ্ড লোৱাৰ সময় ওকলাৰ বাবে এই সিদ্ধান্ত। কাইলৈ মুকলি আকাশৰ তললৈ আহিব শৃংখল চলিহা।

উল্লেখ্য যে, অনা-অসমীয়া ব্যৱসায়ীৰ মুখত থুৱাইছিল শৃংখল চলিহাই। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ভিডিঅ'। তাৰ পাছতেই গ্ৰেপ্তাৰ হৈছিল শৃংখল চলিহা।

আজি শিৱসাগৰত সংঘটিত হৈছিল এই ঘটনা। ঘটনাৰ খবৰ অনুসৰি শিৱসাগৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে আন কেইবাজনো সতীৰ্থৰ সৈতে বিহুৰ চান্দা তুলিবলৈ গৈছিল।

তাৰ মাজতে শৃংখল আৰু ব্যৱসায়ীগৰাকীৰ মাজত কথাৰ কটাকটি আৰম্ভ হয়। ইয়াৰ মাজতেই অনা-অসমীয়া ব্যৱসায়ীগৰাকীৰ মুখত থুৱাই দিয়াৰ অভিযোগ শৃংখল চলিহাৰ বিৰুদ্ধে।

অভিযোগ উত্থাপন কৰা এই ব্যৱসায়গৰাকী অংকুশ কেডিয়া। ব্যৱসায়ী অংকুশ কেডিয়াৰ অভিযোগৰ ভিত্তিতে শিৱসাগৰ আৰক্ষীয়ে শৃংখল চলিহাক প্ৰথমে আটক আৰু তাৰ পাছত গ্ৰেপ্তাৰ কৰিছিল।