অসম

আজি গুৱাহাটীত উপস্থিত হ'ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বি ভি, ১৪৪ ধাৰা জাৰী মহানগৰীত

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি অংকিতা দত্তৰ গোচৰ সন্দৰ্ভত অসম আৰক্ষীৰ সন্মুখত উপস্থিত হ'ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বি ভি । যুৱ কংগ্ৰেছী অংকিতা দত্তই শ্ৰীনিৱাসৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক আতিশয্যৰ গোচৰ তৰাৰ পাছতেই দিছপুৰ আৰক্ষী চকীত শ্ৰীনিৱাসৰ বিৰুদ্ধে ৰুজু হৈছিল ৬৯২/২০২৩ নম্বৰৰ গোচৰ । আনহাতে, এই গোচৰৰ ভিত্তিত যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীৰ বিৰুদ্ধে আই পি চিৰ U/S 509/294/341/352/354/354 (A) (iv)/506  ধাৰাত ৰুজু হোৱা গোচৰৰ বাবে পূৱ গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী উপায়ুক্ত মৈত্ৰেয়ী ডেকাই ২ মে',২০২৩ ৰ পূৰ্বে গুৱাহাটীত উপস্থিত হ'বলৈ নিৰ্দেশ দিছিল । পৰৱৰ্তী সময়ত এই গোচৰৰ বিৰুদ্ধে শ্ৰীনিৱাসে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও অৱশেষত ২২ মে'ত গুৱাহাটীত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হয় নেতা গৰাকীক ।

তথ্য অনুসৰি, পুৱা ৯.৩০ বজাত গুৱাহাটীত উপস্থিত হ'ব যুৱ নেতাগৰাকী ।

উল্লেখ্য যে, শ্ৰীনিৱাসৰ এই আগমণৰ পূৰ্বে সমগ্ৰ গুৱাহাটীত ১৪৪ ধাৰা জাৰী কৰা হৈছে প্ৰশাসনৰ নিৰ্দেশত । এই নিৰ্দেশ অনুসৰি, আজিৰে পৰা মহানগৰীত সমাবেত হ'ব নোৱাৰিব ৫ জনতকৈ অধিক লোক । কোনেও দিব নোৱাৰিব চৰকাৰবিৰোধী ধৰ্ণা, উলিয়াব নোৱাৰিব সমদল । কিয়নো শ্ৰীনিৱাসৰ গুৱাহাটী আগমণত আশংকা কৰা হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমদল কিম্বা চৰকাৰবিৰোধী প্ৰতিবাদ । তেনে হ'লে গুৱাহাটীৰ ৰাজপথ উত্তাল হৈ পৰিব পাৰে যিকোনো মুহুৰ্ততে ।