শ্ৰীমন্ত শংকৰদেৱ শংঘৰ অধিৱেশনৰ আজি অন্তিম দিনঃ সাজু ভাগৱত শোভাযাত্ৰাৰ বাবে
শ্ৰীমন্ত শংকৰদেৱ শংঘৰ অধিৱেশনৰ আজি অন্তিম দিনঃ সাজু ভাগৱত শোভাযাত্ৰাৰ বাবে 
অসম

শ্ৰীমন্ত শংকৰদেৱ শংঘৰ অধিৱেশনৰ আজি অন্তিম দিনঃ সাজু ভাগৱত শোভাযাত্ৰাৰ বাবে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্য বাৰ্ষিক ৰঙিয়া অধিৱেশনৰ আজি অন্তিম দিন। আজিৰ এই অন্তিম দিনটোৰ কাৰ্যসূচী ইতিমধ্যে পুৱাৰে পৰা আৰম্ভ হোৱাৰ সমান্তৰালকৈ পুৱাই লোকেলোকাৰণ্য হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ।

অধিৱেশনৰ আজি অন্তিম দিনটোত অনুষ্ঠিত হ'ব ধৰ্মধ্বজা উত্তোলন, ভাগৱত ভ্ৰমণ, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, সামূহিক প্ৰাৰ্থনা, সাংস্কৃতিক সমাৰোহ আদি বিভিন্ন কাৰ্যসূচী। সেই অনুসৰি সংঘৰ সেৱা বাহিনীৰ সেৱক, সেৱিকাসকলে অধিৱেশনস্থলীত এক মানৱ শৃংখল গঢ়ি তুলিছে।

এই মানৱ শৃংখলৰ মাজেৰে সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাক ধৰ্মধ্বজা উত্তোলনস্থলীলৈ আদৰি আনিব। ধৰ্মধ্বজা উত্তোলনৰ পাছতে পুনৰ তেওঁ এই মানৱ শৃংখলৰ মাজেৰেই আগুৱাই যাব অধিৱেশনস্থলীত নিৰ্মাণ কৰা অস্থায়ী নামঘৰলৈ।

এই নামঘৰৰ পৰা তেওঁ ভাগৱত মূৰত তুলি বাহিৰলৈ অনাৰ পাছতে আৰম্ভ হ'ব ৰঙিয়াত ভাগৱত শোভাযাত্ৰা। ৰঙিয়াৰ বিভিন্ন অঞ্চল সামৰি বাহিৰ হ'বলগীয়া এই ভাগৱত শোভাযাত্ৰাত সকলো জাতি, জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰাৰ উপৰিও তেওঁলোকৰ চহকী কৃষ্টি, সংস্কৃতিও প্ৰতিফলিত হ'ব।

বৰ্ণাঢ্য এই ভাগৱত শোভাযাত্ৰাৰ সমান্তৰালকৈ থাকিব সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাহিৰেও ৰঙিয়াৰ স্থানীয় বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিয়েও অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানৰ পাছতে অনুষ্ঠিত হ'ব মুকলি সভা। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিশেষ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াকে প্ৰমুখ্যে কৰি আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে। ইয়াৰ পিছত ক্ৰমে পতাকা অৱনমন, সমূহীয়া প্ৰাৰ্থনা, বাৰেৰহনীয়া সাংস্কৃতিক সমাৰোহ আদি।