অসম

বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ সাফাল্যঃ ১০০শতাংশ উত্তীৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষাত

Asomiya Pratidin

ডিজিটেল সংবাদ,বঢ়মপুৰ : আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ ৭ গৰাকী ছাত্ৰ- ছাত্ৰী। বিদ্যালয় খনৰ পৰা মুঠ ৭ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিদ্যালয় খনৰ ছাত্ৰ ক্ৰমে বিন্দু গোৱালা ,ৰিজুমণি আলি , বিমান পাটৰ , জোনমণি শইকীয়া , দৈৱকী কিচকু , একাদশী মণ্ডলে প্ৰত্যেকেই ইংৰাজী বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ভাস্কৰজ্যোতি শৰ্মাই প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে । উল্লেখ্য যে, বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ পৰ্যাপ্ত নাছিল কিতাপ ।

ৰেকৰ্ডিং শুনি কঠিন সংগ্ৰামক জীৱনৰ ব্ৰত হিচাপে লৈ কাঁইটীয়া পথেৰে সাতগৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল । কিতাপ নথকা প্ৰত্যাহ্বান বুকুত বান্ধিয়ে সফলতাৰে উত্তীৰ্ণ হৈ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ লগতে বৃহত্তৰ বঢ়মপুৰ অঞ্চললৈ ছাত্ৰ-ছাত্ৰী কেইগৰাকীয়ে গৌৰৱ কঢ়িয়াই আনিলে।ছাত্ৰ-ছাত্ৰী কেইজনৰ এই সাফল্যক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে সমগ্ৰ বঢ়মপুৰবাসী ৰাইজ।