অসম

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং শাখাৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ বেলগুৰি জয়হৰি ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ৫৮ সংখ্যক বাৰ্ষিক অধিৱেশখনি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ সামৰণি পৰে বৃহস্পতিবাৰে।

অনুষ্ঠানৰ সামৰণিৰ দিনা কাৰ্যসূচী অনুসৰি পুৱা পৰিবেশ নিকাকৰণ, নাম প্ৰসংগ,গছ পুলি ৰোপণ, পতাকা উত্তোলন আৰু বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । ইয়াৰ পিছতে অনুষ্ঠিত কৰা হয় ধৰ্মীয় মুকলি সভা ।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ সভাপতি কুমৰ কান্ত বৰাৰ সভাপতিত্বত সভাখন অনুষ্ঠিত কৰা হয় । সভা উদ্বোধন কৰে উপদেষ্টা কৃষ্ণকান্ত মেধিয়ে । মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং ।

সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ দিয়ে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, বিশিষ্ট অতিথি হিচাপে যোগেশ লইং প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে এই সভাতে 'অমৃত সৰোবৰ' শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন কৰে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তিলকান্ত ফুকনে ।