অসম

দাতাই দিলেও বিধাতাই নিদিয়ে ! চাকৰিত যোগদান কৰাৰ পূৰ্বেই মৃত্যু বিশেষভাৱে সক্ষম ধনমণি ডেকাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ ডাঁহী তালিপাৰাৰ বিশেষভাৱে সক্ষম প্ৰয়াত ধনমণি ডেকাৰ পৰিয়ালক মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে, দৰং, অসম'ৰ তৰফৰ পৰা বুধবাৰে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। সংগঠনটোৰ সাধাৰণ সম্পাদক গণেশ দত্ত, সম্পাদক জিতুমণি চহৰীয়া, সহকাৰী সম্পাদক জয়প্ৰকাশ শৰ্মা, সদস্য কংকণ গোস্বামী আৰু তৃষ্ণা হাজৰিকাই ধনমণি ডেকাৰ পত্নী বিশেষভাৱে সক্ষম চুমি ডেকাৰ হাতত নগদ ৬৫০০ টকা প্ৰদান কৰে।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ধনমণি ডেকাই হুইল চেয়াৰক সাৰথি কৰি জীৱন নিৰ্বাহ কৰি আহিছিল। মানৱতাবাদী সংগঠনটোৱে তেওঁৰ চলন ফুৰণত সহায়ক হোৱাকৈ প্ৰায় ৪০ হাজাৰ টকা খৰচ কৰি দিয়া এটা বিশেষ বাহনৰ জৰিয়তে ইটো সিটো ব্যবসায় কৰি তিনিজনীয়া পৰিয়ালটো কোনোমতে চলাই আহিছিল। বিশেষভাৱে সক্ষম চুমি ডেকাৰ লগত বিবাহ পাশত আৱদ্ধ হৈ এক নতুন জীৱন উদযাপন কৰাৰ পৰিকল্পনা লওতেই আহিল এক সুখবৰ।

বিশেষভাৱে সক্ষম কোটাত চতুৰ্থ বৰ্গ চাকৰিত বাচনি হ'ল ধনমণি ডেকা। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোলৈ এই খবৰে কঢ়িয়াই আনিলে আনন্দৰ বন্যা। কিন্তু নিয়তিৰ কি পৰিহাস, চাকৰিত যোগদান কৰাৰ পূৰ্বেই ধনমণি ডেকা নৰীয়াত পৰিল। মানৱতাবাদী সংগঠনটোৰ লগতে ইজন সিজনৰ সহযোগত চিকিৎসা চলিল ধনমণিৰ। কিন্তু সকলো প্ৰচেষ্টা ব্যৰ্থ কৰি যোৱা ৩০ এপ্ৰিলত মৃত্যুৰ শীতল কোলাত চিৰদিনৰ বাবে শুই পৰিল ধনমণি ডেকা।

ধনমণিৰ মৃত্যুত বৃদ্ধা মাতৃ আৰু বিশেষভাৱে সক্ষম পত্নী হৈ পৰিল অসহায়। দুৰ্ভাগ্যই লগ নেৰা পৰিয়ালটোৱে কিবা অলপ পোহৰৰ আশাত গুৱাহাটীলৈ গ'ল। যিহেতু ধনমণিৰ চাকৰিৰ বাবে কালি আছিল নথিপত্ৰ পৰীক্ষাৰ দিন, সেয়ে ঠিয় হৈ খোজ কাঢ়িব নোৱাৰা পত্নীয়ে গাড়ী ভাড়াত লৈ গুৱাহাটীলৈ গৈ সংশ্লিষ্ট কৰ্তৃপক্ষক সকলো নথিপত্ৰ দেখুৱাই ক'লে জীৱনৰ দূৰ্ভাগ্যৰ কথা। তেওঁলোক হৈ পৰিল নিৰুপায়। ধনমণি ডেকাৰ সলনি অষ্টম শ্ৰেণী উত্তীৰ্ণ চুমি ডেকাক দিব নোৱাৰে নিযুক্তি!

'মুখ্যমন্ত্ৰীক লগ ধৰক, তেওঁ কিবা এটা কৰিব পাৰে'- এই বাণী শুনি চুমি ডেকা আহিল ঘৰলৈ। এতিয়া কেনেকৈ মুখ্যমন্ত্ৰীক লগ ধৰি জীৱনৰ ঘাত প্ৰতিঘাতৰ কথা কৈ সহায় ভিক্ষা মাগিব পাৰে তাৰেই চিন্তা কৰি চকুলো টুকিছে।