অসম

প্ৰাপ্তি এনে কথা নকবা তুমি

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

'মই স্কুললৈ নাযাওঁ। দেউতা মোক আৰু স্কুললৈ নপথাবা।'-সদায় উৎসাহেৰে স্কুললৈ যোৱা ছোৱালীজনীয়ে হঠাৎ দেউতাকৰ ভৰিত ধৰি এইদৰে কৈছিল। ছোৱালীজনী চিনাকী। আপোনাৰ-মোৰো। চ'চিয়েল মিডিয়াত তাই বৰ জনপ্ৰিয়। বন্দিতা আৰু প্ৰাপ্তি এইছ বৰুৱাৰ গানে বহুতকে মন্ত্ৰমুগ্ধ কৰি ৰাখে।

মৰমলগাই নহয় প্ৰাপ্তি। তাই যথেষ্ট সুপ্ৰতিভ। কথাবোৰ শুনি থাকিলে শুনি থাকিব মন যোৱা। মুখত লাগি থাকে এটা মৰমলগা হাঁহি। যি হাঁহিত মুকুটা সৰে। প্ৰাপ্তিক যিয়ে এবাৰ লগ পাইছে মনত ৰাখিব পৰাকৈ প্ৰাপ্তিয়ে আচৰণ কৰে। লাজ লাজকৈ হাঁহে।

কথাবোৰ তাইৰ চিধা। পৰিপক্কতাৰে তাই যিকোনো প্ৰশ্নৰ উত্তৰ দিব পাৰে। হঠাৎ এই চঞ্চল হৰিণাৰ দৰে ফুৰ্তি, আনন্দ কৰি থকা ছোৱালীজনীয়ে এনেকৈ স্কুললৈ নাযাওঁ বুলি লোৱা সিদ্ধান্ততো দেউতাকৰ বাবেও আছিল আচৰিত। সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত অসীম বৰুৱাই প্ৰাপ্তিক সুধিছিল, কি হৈছে স্কুলত?

প্ৰাপ্তিয়ে কৈছিল কেইটামান কথা। আগদিনা প্ৰাপ্তি স্কুললৈ যোৱা নাছিল। জ্বৰ জ্বৰ ভাৱ হোৱাৰ বাবে প্ৰাপ্তি যাব পৰা নাছিল। সেয়েহে প্ৰাপ্তিয়ে গম নাপাইছিল কি হোমৱৰ্ক দিছিল শিক্ষকে। হোমৱৰ্ক নকৰাৰ বাবে প্ৰাপ্তিক শিক্ষকে গালি পাৰিছিল। কাঠৰ এডাল স্কেলেৰে প্ৰাপ্তিক মাৰিছিল।

সেই কথা প্ৰাপ্তিয়ে দেউতাকক কৈছিল। লগতে কৈছিল গান গাই তই ফালিবি বুলি। অৱশ্যে বিদ্যালয় কৰ্তৃপক্ষই শিক্ষয়িত্ৰীগৰাকীয়ে তেনে কৰা নাই বুলি সদৰী কৰিছে। কিন্তু যিজনী প্ৰাপ্তিয়ে নিজৰ বিদ্যালয়খনৰ কথা কৈ শেষ কৰিব নোৱাৰে, বিদ্যালয়খনৰ শিক্ষক, শিক্ষয়িত্ৰীয়ে ইমান মৰম কৰে বুলি এক সাক্ষাৎকাৰত নিজেই কৈছিল, হঠাৎ কি হ'ল?

ছাত্ৰ-ছাত্ৰীক অনুশাসন কৰাটো প্ৰয়োজন। চেকনি আগত শিক্ষা বুলি আগতে মানুহে বিশ্বাস কৰিছিল। কিন্তু এতিয়া শিক্ষাদানৰ পদ্ধতি সলনি হৈছে। তাতোকৈ ডাঙৰ কথাটো হ'ল আজি কালি সৰু সৰু ছাত্ৰ-ছাত্ৰীবোৰো যথেষ্ট আৱেগকি। বহু কথা তেওঁলোকে বুজি পাই, বহু কথাই তেওঁলোকৰ মনত আঘাত দিয়ে।

প্ৰাপ্তি আৰু তেওঁৰ জ্যেষ্ঠ ভগ্নি বন্দিতা এই সংগীত যুগল এতিয়া যথেষ্ট জনপ্ৰিয়। বিহুৰ বতৰত তেওঁলোকে বিভিন্ন মঞ্চত সংগীতানুষ্ঠান পৰিৱেশন কৰিছে। শ্ৰেণী কোঠাত হয়তো দিবলগীয়া সময় দিব পৰা নাই। এই ব্য়স্ততাৰ বাবে অধ্যয়নতো প্ৰভাৱ পৰিব পাৰে।

সেই দৃষ্টিকোণেৰে প্ৰাপ্তিক শ্ৰেণীৰ শিক্ষকে পঢ়া-শুনা ভালকৈ কৰিবলৈ সোঁৱৰাই দিয়াটো অপৰাধ হ'ব নোৱাৰে। কিন্তু সেই ফুলকুমলীয়া ছোৱালীজনীক কিধৰণে বুজাব সেই দিশটো শিক্ষয়িত্ৰীগৰাকীয়ে লক্ষ্য ৰখাটো ভাল। এনে প্ৰতিভা বিৰল। এই প্ৰতিভাক বিকশিত হ'বলৈ উৎসাহ দিয়াৰ বিপৰীতে এইধৰণৰ কথা বতৰাই তাইক হতাশ কৰিব।

তাৰ পিছদিনাও আন এক ঘটনা হেনো ঘটনা সংঘটিত হৈছিল। এইবাৰ আন এগৰাকী শিক্ষয়িত্ৰী। শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰাপ্তিক ইচ্ছাকৃত ভাৱে এনে কিছু আচৰণ কৰা বুলি অভিযোগ উঠিছে যাৰ বাবে প্ৰাপ্তিয়ে মনত যথেষ্ট দুখ পাই দেউতাকক সেইদৰে কৈছেগৈ।

এই বিদ্যালয়খনৰ এক সুনাম আছে। বিদ্যালয়খনৰ প্ৰধানশিক্ষকগৰাকী যথেষ্ট অভিজ্ঞ। বিষয়টো ইতিমধ্যে তেওঁলোকে আলোচনা কৰিছে। এই সংঘাত কাৰো কাম্য নহয়। তেনে অভিজ্ঞতা প্ৰাপ্তিৰ বাবে যথেষ্ট হতাশজনক হৈছে। বিদ্যালয়খনৰ ইমান দিনৰ সুনাম কোনো কাৰণতেই এইবোৰ ঘটনাই বদনামলৈ সলনি কৰিব নোৱাৰে।

ভুল হৈ যায়। শিশুৰ মনস্কতা বুজি পাব পৰাকৈ শিক্ষক, শিক্ষয়িত্ৰীসকলেও শ্ৰেণী কোঠাত পাঠদান কৰা উচিত। নহ'লে শিশুৰ মনত ৰেখাপাত কৰা এইবোৰ ঘটনাই এক সামাজিক সংঘাতৰ ৰূপ ল'ব। উপযুক্ত মঞ্চ আৰু পৰিৱেশ পালে তেওঁলোক এদিন তাৰকা হৈ উজলি উঠিব।

এৰা-ধৰাৰ মাজেৰেই আলোচনাৰ পৰিৱেশেৰে সেই অৱাঞ্চিত ঘটনা ওৰ পৰক। কেতিয়াও কোনেও নিবিচাৰে এনেদৰে প্ৰাপ্তিয়ে ভাবিবলৈ অৱকাশ পাওক। এই সময়খিনি জীৱন গঢ়াৰ সময়। বিদ্যালয়ত কৰ্ষণ কৰা জ্ঞানৰ বাটেৰে জীৱনৰ সেই যাত্ৰা পথত শিক্ষক, শিক্ষয়িত্ৰীসকলৰ যথেষ্ট অৱদান থাকে।

প্ৰাপ্তিয়ে নিশ্চয় বুজি পাব সেই শিক্ষয়িত্ৰী কেইগৰাকীও । এইয়া পৰস্পৰে পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা, প্ৰেম ভালপোৱাৰে অতিবাহিত কৰা সময়। বিদ্যালয়খনৰ প্ৰধান শিক্ষকে যি উদ্যোগ লৈছে সেই উদ্যোগে এই সমস্যা সমাধান কৰক। প্ৰাপ্তি আকৌ স্কুললৈ যাওঁক। মুখত ভাহি উঠক সেই হাঁহি। প্ৰাপ্তি ভালপাওঁ তোমাক আমি।