অসম

গালি নহয়! হিমা-লাভলীনাৰ বাবে এটা হাত চাপৰি…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

সমালোচনা নহয়, প্ৰশংসা আৰু প্ৰেৰণাৰযোগ্য হিমা, লাভলীনা। ক'ৰ পৰা গৈ কেনেকৈ দেশৰ হৈ তেওঁলোকে এটা জাতিক, এখন ৰাজ্য আৰু বিশ্বৰ দৰবাৰত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছে সেই কথাও মনত ৰখা ভাল। সফলতা আহিলে আৱেগৰ ঢৌত উটি ভাহি ফুৰা আমি বিফলতাকো সহজভাৱে গ্ৰহণ কৰি সেই সময়খিনিত এই সকল বিশ্ব পৰ্যায়ৰ খেলুৱৈৰ কাষত থিয় দিয়া উচিত।

সকলোৱে ভাৱিছিল এইবাৰ কমনৱেলথ গেমছত লাভলীনা বৰগোঁহাই, হিমা দাস উজ্বলি উঠিব। টকিঅ' অলিম্পিকৰ পাছত লাভলীনাই আকৌ দেশৰ বাবে মেডেল বুটলিব। সেই সপোন লাভলীনাৰ পূৰণ নহ'লেও আজি লাভলীনাৰ সন্মুখত বহু সময় পৰি আছে।

ইয়াৰ বাবে ক্ষোভ ব্যক্ত কৰি যিকোনো মাধ্যমতে এচাম লোকে হিমা, লাভলীনাৰ সন্দৰ্ভত কিছু নেতিবাচক কথাৰে সমালোচনাৰ জোৱাৰ তুলিছে। এই পোষ্টমৰ্টেম কৰা সকলে পাহৰি গৈছে বিশ্ব পৰ্যায়ৰ এনে এখন প্ৰতিযোগিতাত অংশ লবলৈ তেওঁলোকে কিমান কঠিন পৰিশ্ৰম কৰিব লগা হৈছে।

খেলত হৰা-জিকা আছে। নিজৰ সকলো উজাৰি দি তেওঁলোকে প্ৰতিযোগিতাত নামে। অসমৰ মানুহৰ অতি আৱেগ তেওঁলোকৰ বাবে কেতিয়াবা চাপ হৈ পৰে। সেই চাপে খেলতো প্ৰভাৱ পেলায়। আমি আগতেই এনে এক আশাত বন্দী হৈ ৰৈ থাকো যে খেল পথাৰত নামিলেই পদক আহিবই।

কমনৱেলথৰ ২০০ মিটাৰ মহিলাৰ দৌৰত প্ৰথম হিটচত হিমা প্ৰথম হৈছিল। ২৩.৪২ ছেকেণ্ডেত দৌৰ সামৰি হিমাই ছেমি ফাইনেল পাইছিল। ৫ আগষ্ট ২০২২ত ভাৰতীয় সময় মতে মাজ ৰাতি ৱাৰ্মিংহামত হিমা ট্ৰেকত নামিছিল। সেয়া আছিল ২০০ মিটাৰ মহিলা দৌৰৰ দ্বিতীয়টো ছেমি ফাইনেল হিট।

হিমাই দৌৰিছিল। প্ৰথম বা দ্বিতীয় হিমা হ'ব নোৱাৰিলে। হিমা হ'ল তৃতীয়।প্ৰথম স্থানত থাকিল নামবিয়াৰ ক্ৰিষ্ট্ৰেন ব'মা। ২২.৯৩ ছেকেণ্ডত এই দূৰত্ব অতিক্ৰম কৰি তেওঁ প্ৰথম স্থানত থাকিল।২৩.৪২ ছেকেণ্ডত লক্ষ্য স্থানত উপনীত হৈ অষ্ট্ৰেলিয়া এলা কন'লী দ্বিতীয় হ'ল। মাত্ৰ ০.০১ ছেকেণ্ডৰ বাবে তৃতীয় স্থানত থাকিও হিমাই ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।

এই খেলৰ নিয়ম অনুসৰি তিনিটা ছেমি ফাইনেল হিটৰ প্ৰথম আৰু দ্বিতীয় হোৱা খেলুৱৈয়ে ফাইনেল খেলাৰ সুবিধা পায়। তিনিটা ছেমি ফাইনেল হিটৰ পৰা মুঠ ৬ গৰাকী খেলুৱৈয়ে চূড়ান্ত দৌৰত পদকৰ বাবে দৌৰে। হিমাই দ্বিতীয় ছেমি ফাইনেল হিটত ২৩.৪২ ছেকেণ্ডত এই দূৰত্ব অতিক্ৰম কৰিছিল।

মাত্ৰ ১ মাইক্ৰছেকেণ্ডৰ বাবে হিমাৰ সপোন পূৰণ নহ'ল। পৰৱৰ্তী সময়ত হিমাই নিজক আৰু সাধনাৰ জৰিয়তে প্ৰস্তুত কৰি ট্ৰেকত নামিব। তাৰ বাবে হিমাক আমি মনোবল আৰু সাহস প্ৰেৰণা দিয়াৰ প্ৰয়োজন। হৈ যোৱা কথাবোৰৰ আধাৰত এনে বিশ্ব পৰ্যায়ৰ খেলুৱৈ সকলক সমালোচনা কৰি যি সকলে তেওঁলোকক মনোকষ্ট দিয়ে সেই ধৰণৰ কাম কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়।

সমালোচনাৰ এক নিৰ্দিষ্ট আধাৰ থাকে। হিমাৰো দোষ-গুণ থাকিব পাৰে। লাভলীনাৰো ব্যক্তিগত জীৱন আছে। কিন্তু খেল সেইবোৰৰ উৰ্দ্ধত। সময়ৰ পাছত দৌৰা ধিং এক্সপ্ৰেছ হিমা দাসৰ নিজৰ লক্ষ্য সুনিৰ্দিষ্ট। একেদৰে অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে অসমীয়া জাতিৰ ইতিহাসৰ এটি অধ্যায় লিখা লাভলীনা বৰগোঁহাইয়ে বহু প্ৰত্যাহ্বানক সাহসেৰে সন্মুখীন হৈ ক্ৰীড়া ক্ষেত্ৰখনত আগবাঢ়ি গৈছে।

একেদৰে নয়নমনি শইকীয়াই অতি নীৰৱে কমনৱেলথ গেমছত দলীয় শাখাত হ'লেও লন বলত সোণৰ পদক জয়ী কৰি বিশ্বৰ ক্ৰীড়া ইতিহাসত অসমৰ নাম উজ্বলাই তুলিছে। ইয়াৰ পূৰ্বে বহু বিফলতাৰ পাছতো এই বিফলতাৰ পৰাই সফলতাৰ আধাৰ গঢ়িছিল।

খেলত হৰা-জিকা, সফলতা-বিফলতা এক অবিচ্ছেদ্য অংগ। হিমা দাসৰ পূৰ্বৰ সফলতা আৰু উত্তৰণত সুখী হোৱা সকলেই সেই সকলো পাহৰি বিভিন্ন ধৰণৰ মন্তব্যৰে তেওঁক সমালোচনাৰে থকা সৰকা কৰিছে। হিমা-লাভলীনাক চৰকাৰে প্ৰদান কৰা চাকৰিক লৈ আঙুলি তুলিছে।

কমনৱেলথ গেমছত পদক নাপালে। কিন্তু পদকৰ বাবে মৰন পৰন যুঁজ দিছিল। সেই যুঁজৰ বাবে দীৰ্ঘদিনীয়া প্ৰস্তুতি চলাইছিল। কিন্তু এখন প্ৰতিযোগিতাত পদক নোপোৱাৰ বাবে কেনেকৈ একাংশ অসমীয়াই এনে নীচ মন্তব্য কৰিব পাৰে।

তথাকথিত সমালোচক সকলে খেল আৰু খেলুৱৈক কেৱল পদকৰ দৃষ্টিভংগীৰে চোৱাতো উচিত হোৱা নাই। হিমা, লাভলীনা, নয়নমনি আদি খেলুৱৈৰ বাবে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা হৈছে। খেলৰ পৃথিৱীত অসমে নিজৰ পৰিচয় তুলি ধৰিছে।

নতুন নতুন খেলুৱৈক এওঁলোকে অনুপ্ৰেৰণা দিছে। ক্ৰীড়াৰ ক্ষেত্ৰখনৰ বাবে এয়া অতি আশাৰ খবৰ। আন ক্ষেত্ৰতো ৰাজ্যৰ বহু প্ৰতিভাৱান খেলুৱৈ উজ্বলি উঠিছে। ক্ৰীড়াও যে এক কেৰিয়াৰ অভিভাৱক সকলে বুজিছে। উত্তৰ-পূৰ্বাঞ্চলক দেশে অন্তত ক্ৰীড়া ক্ষেত্ৰত অৱজ্ঞা কৰিব নোৱাৰে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে হিমা দাসৰ খবৰ গুৰুত্ব আৰু উৎসাহপূৰ্ণ ভাৱে প্ৰকাশ কৰিছে। ৪০০ মিটাৰ ৰীলে দৌৰ আছে হিমাৰ সন্মুখত । ২০০ মিটাৰত বিফলৰ হ'লেও হিমাই আন এক প্ৰতিযোগিতাৰ বাবে সাজু হ'ব লগা সময়ত এচামে কৰিছে কি ?

এনে নেতিবাচক আলোচনা, বাখ্যা, যুক্তি-তৰ্ক এই সময়ত এগৰাকী খেলুৱৈৰ বাবে হয়তো প্ৰয়োজন নাছিল।হিমা অসমৰে নহয় দেশৰে এক প্ৰতিভা, লাভলীনা এতিয়া অসমৰে নহয়, দেশৰ খেলুৱৈ। তেওঁলোকৰ ক্ষেত্ৰত আমাৰ দায়িত্ব অধিক। কিয়নো তেওঁলোক প্ৰথমে অসমীয়া তাৰ পাছতহে ভাৰতীয়। সেইখেলুৱৈ সকলৰ প্ৰতিজন অসমীয়াৰ আনতকৈ বেছি দায়বদ্ধতা থকাতো প্ৰয়োজন। সমালোচনাৰ উৰ্দ্ধত তেওঁলোকো নিশ্চয় নহয়। কিন্তু পদক নাপালেই ক্ষোভ ব্যক্ত কৰি যি তি মন্তব্য কৰাতো দুৰ্ভাগ্যজনক।